নৱ নিৰ্মিত দৰং জিলাৰ শিলবৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত শিলবৰীৰ যুৱ সমাজ কৰ্মী হেবজুৰ ৰহমানৰ সভাপতিত্বত শিলবৰী আৰক্ষী চকীৰ গাঁওৰক্ষী সংগঠন আৰু শিলবৰী আৰক্ষী চকীৰ সহযোগত নাৰী শিক্ষা,শিশু শ্ৰমিক, বাল্য বিবাহ, ড্ৰাগছ, মদ ভাং আদি নিৰ্মূল কৰাৰ উদ্দেশ্যে আবেলি তিনি বজাত এক বিশাল সজাগতা সভা অনুষ্ঠিত হয়।
সভাত বৃহত্তৰ শিলবৰী অঞ্চলৰ বিভিন্ন গাঁৱৰ,মাতৃ গোটৰ সভানেত্ৰী, সম্পাদিকা, সদস্য, অংগনাবাড়ী কৰ্মী,আশাকৰ্মী আদি কৰি প্ৰায় চাৰি শতাধিক মহিলাৰ উপস্থিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। স্থানীয় যুৱক আব্দুল মালেকৰ উদ্দেশ্য ব্যাখ্যাৰ লগে লগেই আৰম্ভ সভাত স্থানীয় যুৱক তথা ওদালগুৰি,শোণিতপুৰ জিলাৰ এ.এস.ডি.এম. জিলা প্ৰকল্প বিষয়া ফাৰুখ আহমেদয়ে এক উদাক্ত ভাষণ প্ৰদান কৰি কয় যে সমাজত ঘটি যোৱা প্ৰতিটো অসামাজিক কাম-কাজ নিৰ্মূলৰ মূল চাবি-কাঠি নাৰী শিক্ষা।
নাৰী শিক্ষিত হ’লে হে সমাজ এখন শিক্ষাৰ দিশত আগুৱাই যাব,শিশু এজনৰ প্ৰথম শিক্ষক হ’ল মাতৃ।
২ নং দুৰাং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীৱন চন্দ্ৰ চৰকাৰে পৰিয়ালৰ মাজত স্ত্ৰী ভূমিকা, সন্তানৰ প্ৰতি মাতৃ এগৰাকীৰ কৰনীয় কাম,স্বামীৰ প্ৰতি কৰ্তব্য আদিৰ বিষয়ে ভাষন প্ৰদান কৰে। শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সৈন্যলেও ভাষণ প্ৰসঙ্গত কয় যে আমি প্ৰথমে প্ৰতি জনেই নিজৰ পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব লাগিব।
নিজৰ সন্তান টো কি কৰিছে? ক’ত গৈছে প্ৰতিজন পিতৃ-মাতৃয়ে জনাৰ দৰকাৰ। সমাজ টোক শুধৰাই ৰখা প্ৰতি জন সুনাগৰিকৰ মৌলিক কৰ্তব্য বুলি ধৰি লব লাগিব।অনৈতিক কাম সংঘটিত কৰা লোক জনৰ বিৰুদ্ধে আৰক্ষীক সহায় সহযোগিতা কৰিব লাগিব। সভাত উপস্থিত থকা প্ৰতি জনেই সমাজত সংঘটিত অনৈতিক কাম-কাজ নিৰ্মূলৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক ৰিতুল কুমাৰ ৰাংহাং, দলগাঁও গাঁও ৰক্ষী বাহিনীৰ চক্ৰ বিষয়া প্ৰকাশ মেধি,বেছিমাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক মোজামিল হক, শিলবৰী গাঁও ৰক্ষী বাহিনীৰ সম্পাদক হবিবুৰ ৰহমান, বৰঝাৰ গাওঁ ৰক্ষী বাহিনীৰ তোষাৰ মল্লিক লগতে বহু কেইখন গাঁওৰক্ষী বাহিনীৰ সম্পাদক, গাঁও প্ৰধান আৰু স্থানীয় গন্যমান্য ব্যক্তিসকল উপস্থিত থাকে।