নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি…

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি। আজিৰে পৰা নাজিৰাৰ আঠখেল খেলপথাৰত মহিলাৰ বাবে ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আঠখেল লিঅ’ ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধ তাৰ সহযোগত ১৫ দিনৰ বাবে এই প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় এই মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ। ১০ বছৰ উৰ্ধৰ আৰু ১৮ বছৰ অনুৰ্ধ্ব প্ৰায় ৭৩ গৰাকী যুৱতীয়ে এই ফুটবল প্ৰশিক্ষণ শিবিৰত বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে এই প্ৰশিক্ষণ শিবিৰত যদি ইছ্যুক যুৱতীয়ে প্ৰশিক্ষণ লব বিচাৰে তেন্তে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে। আজিৰ এই মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা কাৰ্য্যসূচীত ভালে কেইজন সচেতন, সামাজিক আৰু ক্ৰীড়াৰ লগত জড়িত ব্যক্তি সকল উপস্থিত থাকে। উপস্থিত থাকে গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰ, গেলেকী আৰক্ষী থানাৰ উপ পৰিদৰ্শক টুনীৰাম বৰুৱা,তেল আৰু প্ৰাকৃতিক গেছ নিগম গেলেকী তৈল ক্ষেত্ৰৰ জি জি এছ থ্ৰীৰ এৰিয়া মেনেজাৰ শান্তনু মেঢক আৰু লিঅ’ ষ্টাৰ ক্লাবৰ কৰ্মকৰ্তা সকল।

Related Articles