Breaking

নাৰী দিৱসৰ দিনাই আক্ৰমণ মহিলা আৰক্ষীক! শিৱসাগৰৰ নাজিৰাত হোলীৰ আনন্দৰ মাজতে এই ঘটনা…

0 67

শিৱসাগৰৰ নাজিৰা নগৰত হোলীৰ আনন্দ আৰু নাৰী দিৱসৰ দিনাই মহিলা আৰক্ষীক আক্ৰমণ।যুৱকৰ দলবদ্ধ আক্ৰমণত আহত ভালে কেইগৰাকী আৰক্ষী।উৎসৱৰ মাজত চৰম উদ্ভণ্ডালি নাজিৰাত। হোলীৰ আনন্দ আৰু নাৰী দিৱসৰ দিনাই কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ । শিৱসাগৰৰ নাজিৰা নগৰত হোলীৰ আনন্দ উল্লাসৰ মাজতে এই ঘটনা । হোলীৰ আনন্দৰ নামত সুৰাপান কৰি নাজিৰা নগৰত যুৱকৰ চৰম উদ্ভণ্ডালি ।

নাজিৰা আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষী দলৰ ওপৰত দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ দলৰ । মহিলা আৰক্ষীৰ গাতো হাত তুলিলে সুৰাপায়ী যুৱকে । যাক লৈ গোচৰ তৰাৰ সম্ভৱনা আছে আহত মহিলা আৰক্ষী গৰাকীয়ে । এই কথা সদৰি কৰিছে ট্ৰেফিক ইনচাৰ্জে । আৰক্ষীয়ে চিনাক্ত কৰিছে উদণ্ড যুৱকৰ দলটোক।

Leave A Reply