Breaking

মহিলা বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাক্ৰমী বিজয়…

0 2,044

বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দমনীয় প্ৰদৰ্শনৰ পৰম্পৰা অটুত ৰাখছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। আজি ভাৰতীয় দলটোৱে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ১০৭ ৰাণত পৰাস্ত কৰি আইচিচি মহিলা বিশ্বকাপত তেওঁলোকৰ অভিযান আৰম্ভ কৰে। দেওবাৰে অনুষ্ঠিত হাই ভল্টেজ এই খেলখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছিল যদিও খেলখনত একপ্ৰকাৰ একপক্ষীয় কৰি তোলে ভাৰতে। ভাৰতীয় দলে তছত জয়লাভ কৰাৰ পাছত প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। ইন-ফৰ্ম বেটছমেন স্মৃতি মান্ধানা, স্নেহ ৰাণা আৰু পূজা বস্ত্ৰকাৰে দলক প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰে আৰু দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়।

বে অ’ভালত ভাৰতে সাত উইকেটত ২৪৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ২৪৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰা পাকিস্তানে পিছে ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিবলৈ সক্ষম নহ’ল। ৪৩ অভাৰত ১৩৭ ৰাণতে অল আউট হয় পাকিস্তান। ৫০ অভাৰৰ ফৰ্মেটত চুবুৰীয়া ভাৰতৰ বিৰুদ্ধে ইয়াৰ ক্ৰমাগত একাদশ খেলত পৰাজিত হয় পাকিস্তান। বাওঁহাতৰ তাৰকা স্পিনাৰ ৰাজেশ্বৰী গায়কৱাডে চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁ ১০ অভাৰৰ স্পেল সম্পূৰ্ণ কৰি ৩১ ৰাণত চাৰিটা উইকেট দখল কৰে। অভিজ্ঞ পেচাৰ ঝুলন গোস্বামীয়েও দৰ্শনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁ ২৯ ৰাণত দুটা উইকেট লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৭৫ বলত ৫২ ৰাণ কৰে আৰু দীপ্তি শৰ্মাই ৫৭ ৰাণত ৪০ ৰাণ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মাজত হোৱা ৯২ ৰাণৰ জুটিয়ে ভাৰতীয় ইনিংছক দৃঢ়তা প্ৰদান কৰে।

Leave A Reply