ভাৰত চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা মঞ্জুৰীপ্ৰাপ্ত নগাঁও জিলাৰ আগশাৰীৰ বে-চৰকাৰী সংস্থা প্ৰতীক্ষাৰ উদ্যোগত নগাওঁ জিলাৰ “জাচিংফা একোৱা টৌৰিজিম ৰিজৰ্ট”ত হস্তশিল্পীসকলৰ উন্নয়নৰ বাবে আজি দিনজোৰা কাৰ্য্যসূচীৰে এখনি কৰ্মশালা / আলোচনাচক্ৰ অনুষ্ঠিত হয়।
পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা কৰ্মশালা শুভাৰম্ভ কৰে স্থানীয় সোণাইপৰীয়া হেণ্ডীক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্য্যবাহী বিষয়া ছফিকুল ইছলামে।
শুভাৰম্ভ কৰি তেও কয় যে, নগাওঁ জিলাৰ হস্তশিল্পী সকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহ সমগ্ৰ ভাৰত তথা বিদেশত অতীজৰে পৰা সমাদৰ লাভ কৰি আহিছে। হস্তশিল্পীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহে ভাৰতৰ অৰ্থনৈতিক বিকাশত গুৰুত্ব পাই আহিছে ।
কৰ্মশালাৰ আৰম্ভণিতে সংস্থাৰ তৰফৰ পৰা সকলো নিমন্ত্ৰিত অতিথি সকলক ফুলৰ থোপা, গামোছা আৰু কৰ্মশালা কীটেৰে সম্বৰ্ধনা জনোৱা হয়। হস্তশিল্পী সকলৰ পঞ্জীয়নৰ সময়ত সকলোকে প্ৰশিক্ষণ কীট প্ৰদান কৰা হয়। আজিৰ কৰ্মশালাত অসমৰ চাৰিজন অভিজ্ঞ সমল ব্যক্তিয়ে হস্তশিল্পীসকলক উদ্দেশ্যি উদ্গনিমূলক ভাষণ প্ৰদান কৰে।
ইণ্ডিয়ান বেংক নগাও শাখাৰ সাখা প্ৰবন্ধক হৰীশ ৰঞ্জনে ভাৰত চৰকাৰৰ মুদ্ৰা লোনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰি বক্তৃতা প্ৰদান কৰে লগতে প্ৰধান মন্ত্ৰী জনধন যোজনা, সুৰক্ষা বীমা যোজনা, জীৱনজ্যোতি বীমা যোজনাৰ বিষয়েও বক্তৃতা প্ৰদান কৰে।
ইয়াৰ পিছত বুস এণ্ড কোম্পানীৰ স্বত্বাধিকাৰী ইন্দ্ৰনীল বুসে জি. এস. টি. সম্পৰ্কে নিজৰ বক্তব্য দাঙি ধৰে। সোনাইপৰীয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ নিৰ্দেশক তৈয়াবুৰ ৰহমানে হস্ততাত বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত গুৱাহাটীস্থিত ই.পি.চি.এইছ. কাৰ্য্যালয়ৰ জ্যেষ্ঠ ডিজাইনাৰ ধ্ৰুৱ বৰ্মনে জি.আই. এক্ট আৰু ই-কমাৰ্চ সম্পৰ্কে বক্তব্য দাঙি ধৰে। সদৌ শেষত প্ৰতীক্ষাৰ সম্পাদিকাই সকলো হস্তশিল্পী সকলৰ মাজত উপস্থিতিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে নিমন্ত্ৰিত অতিথিক শলাগৰ শৰাই আগবঢ়াই কৰ্মশালাৰ সামৰণি মাৰে বুলি প্ৰতীক্ষাৰ সম্পাদিকাই আমাক জানিবলৈ দিয়ে।

