Breaking

বিশ্বনাথত ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ কৰ্মশালা

0 132

শিশুসকলৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক উত্তৰণৰ লগতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে বিশ্বনাথ চাৰিআলিৰ সাংস্কৃতিক গোষ্ঠী নৃত্যস্পৰ্শৰ উদ্যোগত ১৫ জুলাইৰ পৰা ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ এক কৰ্মশালাৰ অনুষ্ঠিত হৈ আছে।

এই কৰ্মশালা ২৫ জুলাইলৈকে ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব।

বিশ্বনাথ চাৰিআলি নগৰৰ ৬ নং ৱাৰ্ডত অৱস্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দিনৰ ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ অনুষ্ঠিত হৈ আছে এই কৰ্মশালা।

উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰত নাট্যমৰ বিশাৰদ নৃত্যপটিয়সী অনুষ্ঠানটোৰ সম্পাদিকা মানসী কলিতা আৰু সুদীপ্ত বৰাই।

কর্মশালাৰ সামৰণি অনুষ্ঠান অহা ২৬ জুলাইত হ’ব বুলি জানিবলৈ দিছে নৃত্যস্পৰ্শ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ৰূপজ্যোতি শইকীয়াই।

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply