Breaking

সংগীত নাটক একাডেমিৰ সহযোগত ‘মৃদংগ’ৰ উদ্যোগত ৰাঙাপাৰাত কথক নৃত্যৰ কৰ্মশালা

0 104

১২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ‘সংগীত নাটক একাডেমি’ নতুন দিল্লীৰ সহযোগত, গুৱাহাটীৰ কথক নৃত্য শিক্ষানুষ্ঠান ‘মৃদংগ’ই ৰঙাপাৰা অঞ্চলত আয়োজন কৰা কথক নৃত্যৰ কৰ্মশালা এখনিত কেইবাগৰাকীও শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।


কথক নৃত্যৰ গুৰু তথা ‘মৃদংগ’ নামৰ গুৱাহাটীস্থিত কথক নৃত্যৰ প্ৰশিক্ষণ দি অহা শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক গুৰু বিপুল দাসৰ তত্ত্বাৱধানত শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ৰে’লৱে এম্‌প্লয়িজ ইউনিয়ন বিল্ডিঙত আয়োজিত কথক নৃত্যৰ কৰ্মশালাখনত সেই অঞ্চলৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।


অসম চৰকাৰৰ “কলাগুৰু বিষ্ণুৰাভা বঁটা” প্ৰাপক তথা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা,বৰ্ষীয়ান কথক নৃত্যগুৰু তথা ভাৰতীয় কথক নৃত্যৰ মহাগুৰু প্ৰয়াত বিৰজু মহাৰাজৰ অন্যতম শিষ্য বিপুল দাসক এইদৰে ওচৰত পাই ৰঙাপাৰাৰ ৰাইজে আনন্দত আত্মহাৰা হৈ পৰে।


উল্লেখ্য যে সংগীত নাটক একাডেমিৰ সহযোগত ইয়াৰ পূৰ্বে বিপুল দাসে যোৰহাটতো কথক নৃত্যৰ কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু আগষ্ট মাহৰ শেষৰফালে গুৱাহাটীতো কথক নৃত্যৰ আন এখন কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি বৰ্ষীয়ান শিল্পী গৰাকীয়ে জানিবলৈ দিছে৷

Leave A Reply