Breaking

দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা…

0 28

দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা

অসম চৰকাৰৰ কৃষি বিভাগে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজিৰেপৰা অহা ৩০ জানুৱাৰীলৈকে দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক কৃষিৰ বিষয়ত এখন কৰ্মশালা আয়োজিত কৰিছে। এই কৰ্মশালাত ‘শ্ৰী শ্ৰী ইনছটিটিউট অৱ এগ্ৰিকালচাৰেল চাইঞ্চ এণ্ড টেকন’লজি ট্ৰাষ্ট (এছএছআইএএছটি) ৰ প্ৰতিনিধি তথা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে।

তদুপৰি আজিৰ এই কাৰ্যসূচীত কৃষি বিভাগ আৰু এছএছআইএএছটিৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয় । আজিৰ এই কৰ্মশালাৰ প্ৰথম দিনটোত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু, উদ্যান শস্য তথা পশুখাদ্য পৰামৰ্শদাতা শ্ৰী খগেন শৰ্মা,

এছএছআইএএছটিৰ অধ্যক্ষ ড° বন্দি প্ৰভাকৰ ৰাও, এছএছআইএএছটিৰ সম্প্ৰসাৰণ সঞ্চালক শ্ৰীমতী সবিতা ভূটানী, এৰিয়াছ ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক শ্ৰী বীৰেন্দ্ৰ মিত্তল, এছএছআইএএছটিৰ ট্ৰাষ্টী শ্ৰী মেলকম চেশাদ্ৰী ৰংঙৰাজ আৰু শ্ৰীমতী অৰ্চনা ঝা প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave A Reply