নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি । Workshop on Sattriya Dance

Workshop on Sattriya Dance । নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত পাঁচ দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ গম্ভীৰ আৰু উৎসাহপূৰ্ণ সামৰণি পৰে। অসম সত্ৰ মহাসভাৰ স্বীকৃতিপ্ৰাপ্ত নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমী আৰু সন্মিলিত তিনিআলি সংঘৰ যৌথ উদ্যোগত যোৱা ২২ জুলাইৰ পৰা আৰম্ভ হৈছিল উক্ত কৰ্মশালাখন।

সামৰণি অনুষ্ঠানটো প্ৰবীন নাট্যকৰ্মী ৰজনী কুমাৰ চৌধুৰীয়ে এগছি বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে। অনুষ্ঠানত সভাপতি ৰূপে উপস্থিত থাকে বিপিন চন্দ্ৰ দাস আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে সম্পাদক অনিল চন্দ্ৰ মালী, বৃন্দাৱতী দাস হাইস্কুলৰ প্ৰধান শিক্ষক পবিত্ৰ কুমাৰ দাস, সাংবাদিক মিলন মহন্ত আদি লগতে বহু গণ্যমান্য ব্যক্তি।

কৰ্মশালাৰ সামৰণিত প্ৰশিক্ষাৰ্থীসকলে মাটি আখৰা প্ৰদৰ্শন কৰাৰ লগতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ গুৰুত্বপূৰ্ণ তত্ত্বসমূহও প্ৰকাশ কৰে। মাত্ৰ চাৰিদিনৰ প্ৰশিক্ষণৰ অন্তত তেওঁলোকৰ পৰিপক্ক আৰু শৃংখলিত প্ৰদৰ্শনে উপস্থিত সকলক মুগ্ধ কৰে।

উপস্থিত সকলোৰে অভিমত অনুসৰি, এই সফলতা কেৱল প্ৰশিক্ষক পংকজ বৰুৱাৰ যাদুকৰী শিক্ষণ পদ্ধতিৰ বাবেই সম্ভৱ হৈছে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়, লগতে বিশিষ্ট অতিথিসকলকো সম্বৰ্ধনা জনোৱা হয়।

গুৰু পংকজ বৰুৱাকো ফুলাম গামোচা, জাপি আৰু শাৰাইৰে বিপুলভাৱে আদৰণি জনোৱা হয়। অনুষ্ঠানটো সুচাৰুভাৱে পৰিচালনা কৰে সাংস্কৃতিক কৰ্মী ৰাতুল হক চৌধুৰীয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় সম্পাদক অনিল চন্দ্ৰ মালীয়ে।

এই ধৰণৰ কৰ্মশালাই পৰম্পৰাগত নৃত্যধাৰাৰ সংৰক্ষণ আৰু নবীন প্ৰজন্মলৈ প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উপস্থিত সকলোৰে মত।

Related Articles