নলবাৰীত বিশ্ব ধপাত বিৰোধী দিৱস পালন ।

নলবাৰীঃ

কৰ’ণা ভাইৰাচৰ ত্ৰাস আৰু সন্ত্ৰাসৰ মাজত ৰাজ্যিক ধপাত নিয়ন্ত্ৰত কোষৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ অনুমোদন আৰু উদগনিৰ আধাৰত নলবাৰী জিলাত এইবেলি কিছু সংক্ষিপ্ত কাৰ্যসূচীৰে  বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয় । এই দিৱসৰ কাৰ্যসূচীত সমগ্ৰ জিলাখনৰ নলবাৰী চহৰ টিহু চহৰ তথা প্ৰতিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  ভিৰত মাইক যোগে ধপাতৰ সন্দৰ্ভত সজাগতা আৰু ধপাত বিৰোধী আইন ২০০৩ ৰ বিষয়ে প্ৰকাশ কৰাৰ উপৰিও কৰ’ণা ভাইৰাচৰ সংক্ৰমনত ধূমপান আৰু ধপাত জাতীয় সামগ্ৰীৰ প্ৰভাৱৰ ওপৰত প্ৰচাৰ চলোৱা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফ্ৰেংচু,ডা:নলনী কান্ত বৰ্মন,ডা: মধুৰাম বৈশ্য আৰু ডা: সুৰেন্দ্ৰ মজুমদাৰ সহ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে । সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা তথা ডা: কৈলাশ ডেকাই আঁত ধৰা এই কাৰ্যসূচীত তেখেতে প্ৰকাশ কৰে যে ধপাতে মানুহৰ জীৱনলৈ কৰ্কত ৰোগ,মধুমেহ,উচ্চ ৰক্তচাপ,হাপানি,যক্ষ্মা আদি ৰোগ সৃষ্টি কৰাৰ উপৰিও বৰ্তমান সময়ত সন্ত্ৰাস সৃষ্টি কৰা কৰ’ণা ভাইৰাচৰ সংক্ৰমনত কাৰক হিচাপে কাম কৰে । চিকিৎসক গৰাকীয়ে ৰাইজলৈ আহ্বান জনাই যে ধূমপান আৰু ধপাত জাতীয় সামগ্ৰী বৰ্জন কৰি তথা চাবোনেৰে সঘনাই হাত মুখ ধুই মাস্ক পৰিধানৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি নিজক আৰু সমাজক ধপাতৰ পৰা হোৱা ৰোগ আৰু কৰ’ণা ভাইৰাচৰ সংক্ৰমনৰ পৰা হাত সৰাৰ মানসিকতা পোষণ কৰে ।

Related Articles