প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়।(World Blood Donor Day)যাতে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰাসকলক সন্মান জনোৱাৰ লগতে এই জীৱন ৰক্ষাকাৰী কামৰ বাবে মানুহক উৎসাহিত কৰিব পৰা যায়। ৰক্তদানে কেৱল আনৰ জীৱন ৰক্ষা কৰাই নহয় সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালনৰ এক মানৱীয় উপায়ো। কিন্তু আপুনি জানেনে সকলোৱে ৰক্তদান কৰিব নোৱাৰে। ইয়াৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম নিৰ্ধাৰণ কৰা হৈছে, যিবোৰ মানি চলাটো অতি প্ৰয়োজনীয়।
কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে জানো আহক-
ভাৰতত স্বাস্থ্য মন্ত্ৰালয় আৰু WHOএ নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰি তলত উল্লেখ কৰা লোকসকলে ৰক্তদান কৰিব পাৰে-
- বয়সৰ সীমাঃ ১৮ৰ পৰা ৬৫ বছৰৰ ভিতৰৰ সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে।
- ওজনঃ ৰক্তদাতাৰ ওজন কমেও ৫০ কে.জি হ’ব লাগিব।
- হিম’গ্লবিনৰ মাত্ৰাঃ পুৰুষৰ ক্ষেত্ৰত কমেও ১৩ গ্ৰাম/ডেচিলিটাৰ আৰু মহিলাৰ ক্ষেত্ৰত ১২.৫ গ্ৰাম/ডেচিলিটাৰ হোৱাটো প্ৰয়োজনীয়।
- সুস্থ শৰীৰঃ ব্যক্তিজন ৰক্তদান কৰাৰ আগতে কোনো ধৰণৰ গুৰুতৰ সংক্ৰমণ, জ্বৰ বা এলাৰ্জীৰ পৰা মুক্ত হ’ব লাগে।
- সময়ৰ ব্যৱধানঃ দুটা ৰক্তদানৰ মাজত কমেও ৩ মাহৰ ব্যৱধান থাকিব লাগে।
- নিচামুক্ত: ৰক্তদাতাই মদ, ধূমপান বা আন যিকোনো নিচাৰ পৰা আঁতৰি থাকিব লাগে।
- ব্ৰত ৰখাৰ প্ৰয়োজন নাই: ৰক্তদানৰ বাবে উপবাসৰ প্ৰয়োজন নাই, কিন্তু ৰক্তদানৰ ২ ঘণ্টা আগতে লঘু আহাৰ গ্ৰহণ কৰাটো ভাল।
কোনসকল লোকে ৰক্তদান কৰিব নোৱাৰে-
গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলা: শৰীৰ সম্পূৰ্ণ সুস্থ নোহোৱালৈকে এনে মহিলাই ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।
দুৰ্বল বা অসুস্থ লোক: যিসকলৰ হৃদৰোগ, বৃক্কৰ সমস্যা, ডায়েবেটিছ বা উচ্চ ৰক্তচাপ আদি গুৰুতৰ ৰোগ আছে তেওঁলোকে ৰক্তদান কৰিব নালাগে।
শেহতীয়া যিকোনো অস্ত্ৰোপচাৰ বা সংক্ৰমণঃ অপাৰেচন, টেটু বা কোনো ডাঙৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত কমেও ৬ মাহৰ বিৰতিৰ প্ৰয়োজন হয়।
এইচ আই ভি পজিটিভ বা হেপাটাইটিছ বি/চি ৰোগী : এনে লোকে ৰক্তদান কৰিবলৈ দিয়া নহয় কাৰণ সংক্ৰমণ বিয়পি পৰাৰ আশংকা থাকে।
ৰক্তহীনতা বা থেলাছেমিয়া ৰোগী: এইসকল লোকৰ শৰীৰত ইতিমধ্যে তেজৰ অভাৱ হৈছে, গতিকে তেওঁলোকে ৰক্তদান কৰিব নোৱাৰে।
ৰক্তদান এক মহান কাম, কিন্তু শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিলেহে ৰক্তদান কৰিব লাগে। বিশ্ব ৰক্তদাতা দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহৰ মাজত সজাগতা বিয়পাই দিয়া যে এটা সৰু পদক্ষেপে কেনেদৰে কাৰোবাৰ জীৱনক নতুন জীৱন দিব পাৰে।