অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বিভিন্ন জিলাত কেঞ্চাৰ কেন্দ্ৰৰ অন্যতম দৰং কেঞ্চাৰ কেন্দ্ৰ। এই কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত মঙ্গলবাৰে দৰং কেঞ্চাৰ কেন্দ্ৰত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰে।(World Cancer Day)
ৰাতিপুৱা প্ৰায় ৯.৩০ মান বজাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ পৰাৰ বিশ্ব কৰ্কট দিৱস উপলক্ষে এক ৰেলী উলিয়াই। বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি উলিওৱা কেঞ্চাৰ সজাগতামূলক ৰেলী উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াই। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ গ্ৰহন কৰি থকা নাৰ্চ সকলে অংশগ্ৰহন কৰে। কেঞ্চাৰ ৰোগৰ সাৱধানতা আৰু সজাগতামূলক শ্ল’গান হাতে হাতে লৈ অংশগ্ৰহন কৰে আৰু শ্ল’গান সমূহ ধুমপান কৰক বৰ্জন, স্বাস্থ্য হৈছে সৰ্বোত্তম ধন,নিচাক নাকচ কৰা জীৱনক আকোঁৱালি লোৱা, সজাগ হওঁক কৰ্কট ৰোগৰ বিৰোদ্ধে যুঁজক, লাজ নকৰি সচেতন হওক প্ৰাথমিক চিনাক্তৰ বাবে আগুৱাই আহক, মঙলদৈ চহৰৰ মাজেৰে উলিওৱা ৰেলীত প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে। অনুষ্ঠানৰ আঁত ধৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই ।

