Breaking

প্ৰতিধ্বনি আৰু প্ৰতিক্ষা হাস্পতালৰ সৌজন্যত “বিশ্ব কক্লিয়াৰ ইমপ্লাণ্ট” দিৱস পালন…

0 50

আজি গুৱাহাটীৰ ৰুক্মিণীনগৰস্থিত কমলা কান্ত বৰুৱা শিশু উদ্যানত প্ৰতিধ্বনি -ভাষা আৰু শ্ৰৱণ বিকাশ কেন্দ্ৰ আৰু প্ৰতিক্ষা হাস্পতালৰ সৌজন্যত অইন বাৰৰ দৰে এইবাৰো ২৫ ফেব্ৰুৱাৰী তাৰিখ শনিবাৰে “বিশ্ব কক্লিয়াৰ ইমপ্লাণ্ট” দিৱস পালন কৰা হয়।

বিশিষ্ট চিকিৎসক,প্ৰতিধ্বনি -ভাষা আৰু শ্ৰৱণ বিকাশ কেন্দ্ৰৰ পৰিচালক ডাঃ বিশ্বজিৎ গগৈই বন্তি প্ৰজ্জ্বলৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাঃ গৌতম খাউণ্ড,বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ পাৰ্থপ্ৰতিম বৰা, প্ৰতিধ্বনি -ভাষা আৰু শ্ৰৱণ বিকাশ কেন্দ্ৰৰ মুখ্য কাৰ্যবাহী,অডিঅ’লজিষ্ট প্ৰজ্ঞা ভৰদ্বাজ,কথন আৰু ভাষা ৰোগ বিশেষজ্ঞ প্ৰীতিস্মিতা কৃষ্ণাত্ৰেয় শৰ্মা,অডিঅ’লজিষ্ট আৰু স্পিচ্ পেথ’লজিষ্ট মানসী শৰ্মা আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ চন্দামিতা চৌধুৰী  ।উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কক্লিয়াৰ ইমপ্লাণ্ট শিশুসকলৰ মাজত নাচ-গান,বিশেষজ্ঞ আৰু কক্লিয়াৰ ইমপ্লাণ্ট শিশুৰ অভিভাৱকসকলৰ মাজত মত বিনিময়,অভিভাৱকসকলৰ নিজৰ অভিজ্ঞতা বৰ্ণনা,লগতে বিশিষ্ট চিকিৎসকলে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ায়।অনুষ্ঠানটোৰ শেষত কক্লিয়াৰ ইমপ্লাণ্ট শিশুসকলক মানপত্ৰ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে কক্লিয়াৰ ইমপ্লাণ্ট হৈছে এক বৈদ্যুতিক সঁজুলি যি শ্ৰৱণ শক্তি উন্নত কৰে।

কাণৰ ভিতৰৰ ক্ষতিৰ ফলত গুৰুতৰ শ্ৰৱণ শক্তি হ্ৰাস হোৱা লোকসকল, শ্ৰৱণ সহায়কৰ দ্বাৰা ভালদৰে শুনিব নোৱাৰা,জন্মগতভাৱে শুনা নোপোৱা শিশুসকলক কক্লিয়াৰ ইমপ্লাণ্ট পদ্ধতিৰে শ্ৰৱণ স্নায়ুলৈ শব্দসংকেত প্ৰদান কৰি সাধাৰণ মানুহৰ দৰে শব্দ শুনি পোৱাত সহায়ক কৰি তোলে।প্ৰতিধ্বনি -ভাষা আৰু শ্ৰৱণ বিকাশ কেন্দ্ৰই কথন আৰু শ্ৰৱণ বাধাগ্ৰস্ত শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে লগতে প্ৰতিধ্বনি কক্লিয়াৰ ইমপ্লাণ্ট কাৰ্যসূচীটো প্ৰতিজন কক্লিয়াৰ ইমপ্লাণ্ট  প্ৰাপ্তকৰ্তা আৰু তেওঁলোকৰ অভিভাৱকসকলক কেৱল যোগাযোগ কৰিবলৈ আৰু  শিকিবলৈ প্ৰয়োগ কৰা নাই যাতে সমাজৰ সকলোৰে লগত একত্ৰিত হ’ব পাৰে তাৰ বাবে সমৰ্থন আৰু শক্তিশালী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।

ইয়াৰোপৰি  প্ৰতিক্ষা হাস্পতালৰ সৌজন্যত ২০১৪ চনৰ পৰা কক্লিয়াৰ ইমপ্লাণ্ট কাৰ্যসূচী সুচাৰুৰূপে চলি আছে যিয়ে অস্ত্ৰোপচাৰৰ লগতে অস্ত্ৰোপচাৰৰ পিছত অডিঅ’লজিকেল আৰু থেৰাপী সেৱা দুয়োটা আগবঢ়াই। আজিলৈকে কাৰ্যসূচীটোৰ অধীনত ৫০ টাতকৈও অধিক পেডিয়াট্ৰিক কক্লিয়াৰ ইমপ্লাণ্ট অস্ত্ৰোপচাৰ কৰা হৈছে। দৰিদ্ৰ ৰোগীৰ বাবে কেন্দ্ৰটোত এডিআইপি আঁচনিৰ অধীনত বিনামূলীয়া কক্লিয়াৰ ইমপ্লাণ্টৰ বাবে তালিকাভুক্ত কৰা হয়। প্ৰতিধ্বনি -ভাষা আৰু শ্ৰৱণ বিকাশ কেন্দ্ৰ আৰু প্ৰতিক্ষা হাস্পতালৰ প্ৰচেষ্টাত কক্লিয়াৰ ইমপ্লাণ্ট পদ্ধতিৰে কাণেৰে নুশুনা বহুতো শিশু উপকৃত হবলৈ সক্ষম হৈছৈ।

নাম :মোহাইমিনুৰ ৰহমান। 
গাঁও: বেলশৰ
ডাকঘৰ:বেলশৰ
থানা:বেলশৰ
জিলা:নলবাৰী,অসম
পিন:৭৮১৩০৪
ফোন:৮৩৯৯০৮২৭৮৫

Leave A Reply