Breaking

কাহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিশ্ব দুগ্ধ দিৱস পালন…

0 70

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপে বিভাগীয় নিৰ্দেশনা অনুসৰি কৃষক, গো পালক, গাহৰি পালককে ধৰি পশু পালক, মীন পালক সকলক আৰ্থিক ভাবে সবলীকৰণৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। সমান্তৰালভাবে ইয়াৰ লগত জড়িত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱস সমূহো পালন কৰি আহিছে। ইয়াৰ অংশ হিচাপে পহিলা জুনত কাহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কামৰূপ জিলাৰ কনিহাৰ উত্তৰণ কৃষি উৎপাদনকাৰী কোম্পানী লিমিটেডত বিশ্ব দুগ্ধ দিবস পালন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি বৈজ্ঞানিক পদ্ধতিৰে দুগ্ধ উৎপাদন কৰি কিদৰে আৰ্থিক ভাবে চহকী হব পাৰি সেই বিষয়ে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । উত্তৰণ কৃষি উৎপাদনকাৰী কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অমল ভৰালীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত পুৰুষ- মহিলা নিৰ্বিশেষে বৃহত্তৰ অঞ্চলটোৰ ৩৬ জন গো পালক উপস্থিত থাকে।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে ভাগ লৈ কাহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসা বিশেষজ্ঞ ডাঃ ইলাক্ষী ডেকাই বিশ্ব দুগ্ধ দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰি কিদৰে কম মূলধন , কম ঠাইত , বৈজ্ঞানিক পদ্ধতিৰে গো পালন কৰি কম দিনতে আৰ্থিক ভাবে চহকী হব পাৰি তাৰ বিশদকৈ ব্যাখ্যা কৰে । আনহাতে শিবিৰত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা উন্নত মানৰ নেপীয়াৰ ঘাঁহৰ বীজ বিতৰণ কৰাৰ লগতে শুকান খেৰ, গুৰৰ সৈতে ইউৰিয়া সাৰ মিশ্ৰণৰে কিদৰে খাদ্য প্ৰস্তুত কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়।

Leave A Reply