Breaking

কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন

0 48

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ দিৱস পালন কৰা হয়।

কাৰ্যসূচী অনুসৰি ২৪ জুনত ছাত্ৰ-ছাত্ৰীক লৈ ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতা সভাৰ লগতে এক পদযাত্ৰাও উলিওৱা হয়।

সোমবাৰে স্কুল খনৰ এন এছ এছৰ গোট আৰু ছাত্ৰ ছাত্ৰীক লৈ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক আবুল হুছেইনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

এই বাটৰ নাটখন চাবলৈ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজেও ভিৰ কৰা পৰিলক্ষিত হয়৷

-বাশ্বাৰ উল্লাহ মুজাদ্দাদী, ধিং

Leave A Reply