শিৱসাগৰ জিলাৰ লাকুৱা সেউজীপামত আজি বিশ্ব জেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়৷অসম জেষ্ঠ নাগৰিক সন্মিলনৰ লাকুৱা শাখাৰ উদ্যোগত সেউজীপাম নামঘৰ প্ৰাংগনত দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা দিৱসৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে নাগৰিক সন্মিলনৰ লাকুৱাৰ সভাপতি সিদ্ধেশ্বৰ ৰাজকোঁৱৰে৷ আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয় । লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি সিদ্ধেশ্বৰ ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জেষ্ঠ নাগৰিক সমাজকৰ্মী প্ৰাক্তন শিক্ষক ৰবীন্দ্ৰনাথ দত্ত, নৰেন কোঁৱৰ,ৰবীন শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমূল্য হাজৰিকা,সাংস্কৃতিক কৰ্মী সঞ্জীৱ বাইলুং লগতে ভালেকেইজন ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক ৰোহিনী বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বয়োজেষ্ঠ নাগৰিক হীৰেণ শ্যাম আৰু ললিত চন্দ্ৰ দাসক সন্মিলনী তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসুচীৰ আৰম্ভণীতে বৃক্ষৰোপন কৰা হয়৷ বৃক্ষৰোপণ কাৰ্যসুচী ৰূপায়ন কৰে সমাজকৰ্মী ৰাজেন শইকীয়া,অশোক বৰুৱা,পৰমানন্দ দত্ত ,নিত্যা বৰা,ৰবীন শইকীয়াই৷অনুষ্ঠানত সেউজীপামৰ স্থানীয় মহিলা সকলে দিহানাম পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

