Breaking

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

0 41

দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে আজি এদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব হস্তী দিৱস পালন কৰে। উক্ত কাৰ্য্যসূচীত হাতীৰ মাউত সকলৰ মাজত টি শ্বাৰ্ট বিতৰণ, বন কৰ্মী সকলক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দৰং জিলা বন বিষয়া প্ৰদীপ্ত বৰুৱাই জনায়।


উক্ত হস্তী দিৱসৰ লগত সংগতি ৰাখি স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজে বন বিভাগৰ লগত সহযোগ কৰি হাতে হাতে ত্ৰিৰংগা পতাকা লৈ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূখ্য গেইটৰ পৰা এক ৰেলি ওলিয়াই,উলহ মালহেৰে বিশ্বৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হস্থী দিৱস উদযাপন কৰে।
দলগাওঁ ৰ পৰা সঞ্জয় লাহাৰ প্ৰতিবেদন

Leave A Reply