ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন । world environment day

ঢকুৱাখনাঃ world environment day । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা ফালৰ পৰা ঢকুৱাখনাৰ মাজমজিয়াৰ প্ৰায় সংখ্যক বিদ্যালয়লৈ গৈ বিদ্যালয়ৰ চৌহদত শিক্ষাগুৰুসকলৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। প্ৰায় ১০ খন বিদ্যালয়ত এই কাৰ্য সম্পাদন কৰা হয়। ইয়াৰ পাছতে ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আনুষ্ঠানিক ভাৱে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত গছপুলি ৰোপণ, সাংস্কৃতিক অনুষ্ঠান, সজাগতামূলক নাট্য পৰিৱেশন আৰু পৰিৱেশ বিষয়ক আলোচনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলৰ মাজত পৰিৱেশ সচেতনতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে আনুষ্ঠানিকভাৱে অনুষ্ঠানৰ উদ্বোধন কৰে। তেওঁ নিজৰ বক্তৃতাত প্লাষ্টিকৰ অত্যধিক ব্যৱহাৰৰ ভয়াৱহ পৰিণতিৰ বিষয়ে আলোকপাত কৰে।


অনুষ্ঠানত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃগাংক দত্ত, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি দত্তকে আদি কৰে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।


অনুষ্ঠানৰ এক অন্যতম আকৰ্ষণ আছিল মানস প্ৰতিম দত্তৰ ৰচনা আৰু অচিন্ত সৰকাৰ তথা পুলকেশ বৰুৱাৰ পৰিচালনাত সৰ্প সজাগতা বিষয়ক নাট “সেউজীয়া বনৰ সুহুৰি” আৰু গীতি নাট “সুজলা সুফলা”ৰ মঞ্চস্থ পৰিৱেশন। এই নাটকেইখনে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগতে সৰ্প আৰু পৰিৱেশৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰোৱাৰ বাৰ্তা প্ৰচাৰ কৰে।


অনুষ্ঠানত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উপস্থিতিয়ে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ প্ৰতি যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ লগতে স্থানীয় সমাজতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

Related Articles