৫ জুন ২০২৫:World Environment Day । “বিশ্ব পৰিবেশ দিৱস – ২০২৫” উপলক্ষে পৰ্য্যাৱৰণ সংৰক্ষণ, গুৱাহাটী মহানগৰ আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত এক সজাগতা কাৰ্যসূচী আয়োজিত হয়। মহানগৰৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাঙ্গণত “প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰন” শীৰ্ষক বিষয়ত আয়োজন কৰা হয় এই পৰিৱেশ বান্ধৱ কাৰ্যসূচী।

উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড° পাৰ্থ প্ৰতিম বৰুৱা। তেওঁ বৃক্ষৰোপণৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পিছত অনুষ্ঠিত হয় এক জ্ঞানোন্মুখী বিশেষ বক্তৃতা অনুষ্ঠান।
কাৰ্যসূচীৰ আৰম্ভণিত অধ্যক্ষা ড° মনীষা ভট্টাচাৰ্যই অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা আৰু মহাবিদ্যালয়ৰ অবদানৰ বিষয়ে ভাষণ প্ৰদান কৰে।

আৰম্ভনী বক্তৃতা প্ৰদান কৰে গুৱাহাটী মহানগৰৰ পৰ্য্যাৱৰণ সংৰক্ষণৰ সংযোজক তথা গৌহাটী বিশ্ববিদ্যালয়ৰ এম.বি.এ. বিভাগৰ সহকাৰী অধ্যাপক ড° সমীৰ চৰকাৰে। তেওঁ পৰিবেশ বান্ধৱ জীৱনধাৰা আৰু সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্লাষ্টিক প্ৰদূষণৰ উৎপত্তি, প্ৰভাৱ আৰু সমাধানমূলক দিশসমূহৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়ায় গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° বিপুল বেজবৰুৱাই। আনহাতে, ড° কুলদীপ শৰ্মাই জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ উপৰিও পৰম্পৰাগত শিশু গল্প কোৱাৰ পৰম্পৰা আৰু ইয়াৰ পৰিৱেশগত তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।

কাৰ্যসূচীৰ অন্তত ধন্যবাদ জ্ঞাপন কৰে পৰ্য্যাৱৰণ সংৰক্ষণ গতিবিধিৰ “প্ৰান্ত জনসম্বাদ” প্ৰমুখ ড° দীপাংকৰ দেৱনাথে।
এই গঠনমূলক কাৰ্যসূচীত উপস্থিত থাকে বহু সংখ্যক শিক্ষক, শিক্ষিকা, ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু গুৱাহাটী মহানগৰৰ পৰ্য্যাৱৰণ সংৰক্ষণ গাতিবিধিৰ স্থানীয় সদস্যসকল।
এন. এছ. এছ, এন. চি. চি আৰু আই. কিউ. এ. চি-ৰ সমন্বয়ক আৰু স্বেচ্ছাসেৱক সকলৰ সক্ৰিয় সহযোগিতাৰে আয়োজিত এই অনুষ্ঠানৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানই পৰিৱেশ সংৰক্ষণ আৰু সচেতনতাৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰে।