World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো পালন পৰিৱেশ দিৱস।(World Environment Day 2025) ৰাজ্যৰ স্কুল-কলেজ, দল-সংগঠন, অন্যান্য প্ৰতিষ্ঠান সমূহৰ লগতে চৰকাৰীভাৱে পালন কৰা হৈছে পৰিৱেশ দিৱস।

’২৫ বৰ্ষৰ পৰিৱেশ দিৱসৰ থীম হৈছে BEAT PLASTIC POLLUTION। মাৰ্ঘেৰিটাতো বিভিন্ন কাৰ্য্যসূচীয়ে অনুষ্ঠিত কৰা হৈছে বিশ্ব পৰিবেশ দিৱস।মাৰ্ঘেৰিটাৰ নিউ কলনিস্থিত নিৰ্মাণৰত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস।

বিজেপিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিতো “মাৰ নামত এজোপা বৃক্ষ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা “অটল বিহাৰী বাজপেয়ী ভৱন”ত “মাৰ নামত এজোপা বৃক্ষ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচী অনুসৰি “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ চৌপাশে গছ পুলি ৰোপণ কৰা হয়। মাৰ্ঘেৰিটাত কাৰ্যসূচী শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে বিজেপি দলৰ তিনিওটা মণ্ডলৰ বিষয়-ববীয়া তথা দলীয় কৰ্মকৰ্তাসকল।

Related Articles