World Environment Day । ৰাজ্যজুৰি পালন বিশ্ব পৰিৱেশ দিৱস।পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শুক্ৰবাৰে এক বৃহৎ গছ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

‘জনকল্যাণ ছচাইটী, সাংস্কৃতিক বিদ্যালয়, অসম’ আৰু ‘আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটী’ৰ যৌথ উদ্যোগত এই কাৰ্যসূচী ‘জনকল্যাণ বাৰ্তা’ কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক কুমুদ নাথ আৰু ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞিৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেউজ পৰিৱেশ গঢ়াৰ লক্ষ্যৰে ৰোপণ কৰা হয় গছপুলি।

কাৰ্বি আংলঙৰ উদীয়মান যুৱ সাংবাদিক, কবি তথা ৰাজনীতি বিজ্ঞান বিদ্যাঞ্জলিৰ স্বেচ্ছাসেৱক খগেশ্বৰ দাসৰ সক্ৰিয় সহযোগিতাত “গছ থাকিলেহে মানুহ থাকিব”—এই মূল মন্ত্ৰক সাৰোগত কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই অনুষ্ঠানত মুখ্য আমন্ত্ৰিত অতিথি তথা মূল বৃক্ষ ৰোপক হিচাপে অংশগ্ৰহণ কৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেবেন্দ্ৰ শৰ্মা, হাওৰাঘাট মণ্ডল সাংগঠনিক সভাপতি পিন্টু দত্ত আৰু কৃৰ্তী শিক্ষক বিক্ৰম কুমাৰ চন্দই অংশ গ্ৰহণ কৰে।
বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আদিৰ উৎসাহজনক অংশগ্ৰহণেৰে প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত ভিন্ন প্ৰজাতিৰ মূল্যবান গছপুলি ৰোপণ কৰা হয়। এই সমগ্ৰ কাৰ্যসূচীত সংবাদ মাধ্যমৰ সংগী হিচাপে ‘দৈনন্দিন বাৰ্তা’, ‘আলোকপ্ৰভঞ্জন’, ‘জনকল্যাণ বাৰ্তা’ আৰু ‘The Assam Rising’ পত্ৰিকাই বিশেষ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।

