Breaking

সোণতলী ফুটবল একাডেমিতো পালন কৰা হল বিশ্ব পৰিৱেশ দিৱস

0 93

সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ কামৰূপৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী ফুটবল একাডেমীৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷ সোণতলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত দিনযোৰা কাৰ্যসুচীৰে উদযাপিত হৈছে পৰিৱেশ দিৱস৷ দেওবাৰে পুৱাৰে পৰা ছাফাই অভিযান কাৰ্যসূচী, সজাগতা অভিযানৰ লগতে গছপুলি ৰোপন কাৰ্যসূচী লৈছে সচেতন ৰাইজে৷

তাৰ ব্যতিক্ৰম নহয় সোণতলী ফুটবল একাডেমী৷ ৰাতিপুৱাই ছাফাই অভিযান কাৰ্যসূচী লৈ অনুষ্টপীয়াকৈ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাঙ্গনত বিশ্ব পৰিৱেশ দিৱস পাল কৰে সোণতলী ফুটবল একাডেমীয়ে৷

উক্ত কাৰ্যসূচীত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফ উদ্দিন আহমেদ, সোণতলী আঞ্চলিক মহাবিদ্যালয় ৰাজনীতি বিজ্ঞানৰ সহ অধ্যাপক দোস্ত খলিলুৰ ৰহমান লগতে সোণতলী ফুটবল একাডেমীৰ বিষয়ববীয়া শতাধিক ছাত্ৰ উপস্থিত থাকে।

Leave A Reply