Breaking

নাজিৰাত বন বিভাগৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন…

0 78

গছ থাকিলেহে মানুহ থাকিব। আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামান্তৰালকৈ নাজিৰাতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। আমি সকলোৱে বিচাৰো এখন সেউজীয়া পৃথিৱী। য’ৰ পৰা আমি বিশুদ্ধ বায়ু সেৱন কৰিব পাৰো। নাজিৰা সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ উদ্যোগত বিহুবৰ খণ্ড বন বিষয়া ৰাজু দাস আৰু বন কৰ্মী সকলৰ সহযোগত বিহুবৰ আৰক্ষী থানাৰ চৌহদত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নানা ধৰণৰ মূল্যৱান গছ পুলি ৰোপণ কৰা হয়। প্ৰাকৃতিক পৰিৱেশৰ বাবে এটা দিন উন্নতি আৰু শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ এটা সুযোগ সকলোৰে বাবে আহি পৰিছে।

চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য হৈছে প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰা | দৈনন্দিন জীৱনত ব্যৱহৃত প্লাষ্টিকে জীৱ জগত তথা পৰিৱেশলৈ কঢ়িয়াই অনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই উদ্দেশ্য। আনহাতে ৰজাভেটা গাঁও পঞ্চায়তটো কৰ্মী সকলে পৰিৱেশ নিকা কৰণৰ লগতে বিভাগৰ কৰ্মচাৰী সকলেও একোটাকৈ গছ পুলি ৰোপন কৰিছে।

Leave A Reply