Breaking

বিশ্ব পৰিৱেশ দিৱস পালন; প্রকৃতি সুৰক্ষাৰ বাবে জন-আন্দোলনৰ পোষকতা ‘আপ’ৰ

0 91

বিশ্বজুৰি পৰিৱেশ প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ কুফল মানৱ জাতিয়ে ভুগি থকাৰ পৰিপ্ৰেক্ষিতত মানৱ জাতিক পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা কৰাৰ উদ্দেশ্যে আম আদমি পার্টী কামৰূপ মহানগৰ জিলা সমিতিয়ে সর্বসাধাৰণ ৰাইজৰ সৈতে বিশ্ব পৰিৱেশ দিৱস পালন কৰে।

দলটোৰ প্রায় শতাধিক কর্মকর্তাই প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে মহানগৰীৰ বিভিন্ন ঠাইত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। লগতে জলবায়ু পৰিৱৰ্তনে নমাই অনা শংকা আঁতৰাবলৈ মহানগৰীৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।

কাৰ্যসূচীত উপস্থিত থাকি আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনায় আৰু প্ৰকৃতি ৰক্ষাৰ বাবে জন আন্দোলন প্রয়োজন আছে বুলি উল্লেখ কৰে।

আপৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি বল্লভ পাত্রই বন মাফিয়া, মাটি মাফিয়া, পুঁজিবাদৰ আগ্ৰাসন, প্রাকৃতিক পৰিৱেশৰ মাজত জবে মধে হোটেল, ৰিজ’ট খোলাৰ যি প্ৰতিযোগিতা চলিছে, সেয়া ৰোধ কৰি জনমুৰি গছৰ সংখ্যা উৰ্দ্ধগামী কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে বৃহৎ নদীবান্ধ, অবৈধ বহুজাতিক কোম্পানীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ সকলোকে আহ্বান জনায়।

Leave A Reply