Breaking

কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰম ভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।

0 261

কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস।

৫ জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্বজুৰি উদযাপিত হৈছে বিভিন্ন ধৰণে । গোলাঘাট জিলাৰ দেৰগাঁও উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমভাৱে উদযাপন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস। গাঁওখনৰ আইতাসকলে ৰোপন কৰিছে গছপুলি ।

আইতাসকলক ছাত্ৰ-ছাত্ৰীসকলে প্ৰদান কৰিছে মূল্যৱান গছ পুলিকে ধৰি বিশেষ উপহাৰ । ইয়াৰোপৰি পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা । ২০২২ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বাণী ‘এখনেই মাত্ৰ পৃথিৱী’ ক লৈ অলংকৰণ কৰা হৈছে প্ৰাচীৰ পত্ৰিকাকেইখন। কণ কণ ছাত্ৰ-ছাত্ৰীৰ হাতৰ চাপ দি, পৰিৱেশ সজাগতামূলক বিভিন্ন চিত্ৰ, শ্ল’গান সুন্দৰ ৰূপত উপস্থাপন কৰিছে প্ৰাচীৰ পত্ৰিকাখনত।

তদুপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলৰ সহযোগত প্ৰস্তুত কৰিছে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন প্ৰকল্প। শিক্ষক-শিক্ষাৰ্থীয়ে পৰিৱেশন কৰিছে পৰিৱেশ সম্পৰ্কীয় সমবেত সংগীতো। বিদ্যালয়খনিৰ লগত জড়িত স্থানীয় ৰাইজ, মাতৃগোট, পৰিচালনা সমিতিৰ উপস্থিতিত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিৱেশ দিৱসক লৈ আনন্দিত ছাত্ৰ-ছাত্ৰীসকল।

Leave A Reply