বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণ

আজি পাচঁ জুন,এই পাচঁ জুনটো সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিবস হিচাপে পালন কৰা হয়।এই বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ দেবে জিলা উপায়ুক্তৰ সহযোগত, উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰাৰ উপৰিও হোজাই জিলাৰ উপায়ুক্ত মহোদয়ৰ লগত বিগত কিছু মাহ পূৰ্বে উপায়ুক্ত কাৰ্য্যালয় চৌহদত অৱস্থিত উচ্ছেদ কৰা দোকান সমূহ, ৰাইজৰ সুবিধাৰ্থে ও তাত দোকান কৰি জীৱিকা নিৰ্বাহ কৰি থকা দোকানী সকলৰ পূনৰসংস্থাপন বাবে এখন নতুনকৈ মাৰ্কেট কম্প্লেক্স নিৰ্মাণ কৰাৰ বাবে আলোচনা কৰা দেখা যায়। আনহাতে হোজাইৰ স্বেচ্ছাসেৱী সংগঠন মাৰ্কাজুল মা আৰিফৰ কাৰ্যকৰী সভাপতি ডাঃ চামছুল হক চৌধুৰীয়ে হোজাই সদৰ আৰক্ষী চকী, হোজাই মেইন ৰোড, নীলবাগান আদি ঠাইত বৃক্ষৰোপণ কৰা দেখা যায়। লগতে চৌধুৰীয়ে পৰিৱেশ সুৰক্ষাৰ বাবে এই বাৰিষাৰ বতৰত সকলোৱে এটা এটা বৃক্ষৰোপণ কৰাৰ আহ্বান জনায়। চৌধুৰীৰ এনে কৰ্মত হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌতম চন্দ্ৰ কুমাৰে প্ৰশংসা কৰে।

Related Articles