বৰভাগত বিশ্ব মাতৃ দুগ্ধপান দিৱস পালন ।World Milk Day 2024

মাতৃ দুগ্ধ শিশুৰ জীৱনদায়িনী শক্তি–কৰৱী সিংহা । World Milk Day 2024

সপ্তাহ জোৰা দুগ্ধপান দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পত বিশ্ব মাতৃ দুগ্ধপান দিৱস উদ্‌যাপন কৰা হৈছে ৷উল্লেখ যে -বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৪০নং অংগনৱাড়ী কেন্দ্ৰৰ উদ্যোগত আৰু ৩২, ৩৬ , ৭২, ৭৬ অংগনৱাড়ী কেন্দ্ৰৰ সহযোগত মাতৃ দুগ্ধ সপ্তাহ উদ্‌যাপন কৰা হয় ৷ইয়াত বিষয়টোৰ ওপৰত সজাগতা আৰু গুৰুত্বৰ ওপৰত মন্তব্য কৰে ১নং চক্ৰৰ মুখ্যসেৱীকা প্ৰনিতা ডেকা আৰু এ ন এম মীৰা বেগমে ৷

জন্মৰ পৰা ৬ মাহৰ শিশুক কেনেকৈ বাধ্যতামূলক দুগ্ধপান কৰিব লাগে তাৰ সজাগতাৰ ওপৰত মন্তব্য দিয়ে ৷ইয়াৰ উপৰিও বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৪৭নং বৰকুৰিহা অংগনৱাড়ী কেন্দ্ৰৰ উদ্যোগত আৰু ৪৮,৮২,১০৮ অংগনৱাড়ী কেন্দ্ৰৰ সহযোগত দুগ্ধপানৰ ওপৰতো সজাগতা সভা অনুস্হিত হয় ৷ অনুষ্ঠানত ২ আৰু ৩ নং চক্ৰৰ মুখ্যসেৱীকা মনোৱাৰা বেগম, আনোৱাৰা খাতুন ,পোষণ অভিযানৰ ব্লক ক’ৰ্দিনেটৰ কৰৱী সিংহা, এ এন এম পুৰ্নিমা হালৈ,মিঞ্জুৱাৰা বেগম আৰু আশা কৰ্মী মিতালী তালুকদাৰো উপস্থিত থাকে ৷

অনুষ্ঠানত উপস্থিত থাকি বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ব্লক ক’ৰ্দিনেটৰ কৰৱী সিংহই নিজৰ সজাগতা মূলক ভাষনত কয় যে- এটি শিশুক জন্মৰ পৰা ছয় মাহলৈ মাতৃৰ দুগ্ধ সেৱন কৰিব দিয়াটো শিশুৰ জীৱনী ৰক্ষা কৱচ সদৃশ ৷মাতৃ দুগ্ধই শিশুটিক বিভিন্ন ৰোগ নিৰাময়ৰ শক্তিবৰ্ধক খাদ্য ৷ইয়াৰ পৰা শিশুক বঞ্চিত কৰাটো অপৰাধ ৷শিশুটিৰ শাৰীৰিক গঠনৰ পৰিপেক্ষিতত জন্মৰ ছয় মাহৰ পিছত কি কি ওপৰঞ্চি আহাৰ মিয়া হব তাৰ ওপৰতো সজাগতা মুলক মন্তব্য দিয়ে ৷ স্মৰ্তব্য যে -এক আগষ্টৰ পৰা আৰম্ভ হোৱা মাতৃ দুগ্ধ সপ্তাহ উপলক্ষে বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ১১৩টা অংগনৱাড়ীত মাতৃ দুগ্ধ পান সপ্তাহ পালন কৰাৰ লগতে নলবাৰী জিলাৰ সাতটা প্ৰকল্পত মাতৃ দুগ্ধপান সপ্তাহ পালন কৰিব বুলি জানিব পৰা গৈছে ৷

Related Articles