দেশৰ স্বাৰ্থত আৰু অপপ্ৰচাৰ বিৰুদ্ধে যুঁজ দিয়াটো সাংবাদিক, নাগৰিকৰ কঠিন প্ৰত্যাহ্বানঃ অশোক শ্ৰীবাস্তৱ

“সাংবাদিকতাৰ প্ৰথম আৰু মুখ্য উদ্দেশ্যই হ’ব লাগে দেশমাতৃৰ স্বাৰ্থৰক্ষা আৰু সেৱা৷ কেৱল কোনো নেতা বা কোনো গোষ্ঠীৰ প্ৰত্যাহ্বানতকৈও দেশৰ হকে প্ৰতিজন নাগৰিকৰ কৰ্তব্য অধিক মহত্ত্বপূৰ্ণ৷ দেশৰ সন্মুখত এতিয়া ফেক নেৰেটিভক ওফৰোৱাটোৱে জনতাৰ সন্মুখত মূল প্ৰত্যাহ্বান৷ শেহতীয়া নিৰ্বাচনত বিৰোধীৰ আসন বৃদ্ধিয়ে কাৰ্যতঃ ৰক্ষা কৰিলে নিৰ্বাচন আয়োগ, ইভিএম আদিক ৰক্ষা কৰিলে৷ এই দেশত ইন্দিৰা গান্ধীৰ দিনতে স্বেচ্ছাচাৰী শাসন চলিছিল৷ কিন্তু ভাৰতত স্বেচ্ছাচাৰিতা নায় আৰু আহিবও নোৱাৰে৷ তামিলনাডুৰত পৰাজিত নেতাৰ ফটো ছাগলীৰ মূৰত আৰি ছাগলী হত্যা কৰা, বংগত স্থানীয় দলক ভোট নিদিয়াসকলক ভাবুকি দিয়া, চণ্ডীগড়ত নৱনিৰ্বাচিত সাংসদক অপমানিত কৰা জনক সমৰ্থন কৰা সকলেই গণতন্ত্ৰ ৰক্ষাৰ দাবী কৰাটো দুৰ্ভাগ্যজনক৷

পঞ্জাৱ হাৰিয়ানাৰ কৃষক আন্দোলনত এজনো কৃষকৰ নিৰাপত্তা বাহিনীৰ বাবে মৃত্যু হোৱা নাছিল, ৭০০ জনৰ মৃত্যু এক চূড়ান্ত অপপ্ৰচাৰ৷পাকিস্তানৰ পৰা সংখ্যালঘু পলোৱাৰ দৰে ভাৰতৰ পৰা এজনো পলাব লগা অৱস্থা হোৱা নায়৷ “কা’’ বিৰোধৰ নামত চাহিনবাগত দেশবিৰোধী শ্লোগান দিয়া কাৰ্যক গণতান্ত্ৰিক আখ্যা দিয়া সকল ক্ষমাৰ অযোগ্য৷ কোনো চৰকাৰৰ বোকোচাত নহয়, স্বদেশৰ স্বাৰ্থৰ বোকোচাত(গোদ)ত উঠাটোহে গোদী মিদিয়া৷ এচিয়া মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদীক বন্দুকধাৰীক আখ্যা দিয়া, পাকিস্তান, আফগানিস্থানতকৈ ভাৰতক তুচ্ছ দেখুওৱা বিবিচিৰ দৰে প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় ভাবে ভাৰতক বদনাম কৰি আছে৷ আৰু এনে প্ৰতিষ্ঠানৰ বাতৰিক ভিত্তি কৰি বাতৰি প্ৰচাৰ কৰি ভাৰতৰ একাংশ সংবাদ মাধ্যমেও ফেক নেৰেটিভ প্ৰচাৰ কৰি আছে৷’’ এই তাৎপৰ্যপূৰ্ণ মন্তব্য দেশৰ প্ৰসিদ্ধ সাংবাদিক তথা দূৰদৰ্শনৰ জ্যেষ্ঠ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱৰ৷ গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত দেওবাৰে দেৱৰ্ষি নাৰদ জয়ন্তী তথা নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰীবাস্তৱে এই মন্তব্য আগবঢ়ায়৷

সদ্যসমাপ্ত নিৰ্বাচন কালত দেশবাসীক জাতি বৰ্ণৰ আধাৰত বিভাজিত কৰিবলৈ একাংশ বাৰুকৈয়ে সফল হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্ৰীবাস্তৱে৷এই অনুষ্ঠানত আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাক ২০২৪ বৰ্ষৰ নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানৰ মুখ্য অতিথি অথা দিল্লী দূৰদৰ্শনৰ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱে অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক, ভাৰতমাতাৰ ফটো আৰু নগদ ধনেৰে বঁটা প্ৰদান কৰে প্ৰশান্তজ্যোতি বৰুৱাক৷ ভাৰতৰ প্ৰথম কাকত বেংগল গেজেট বা গ্ৰীচ ৰোমৰ সভ্যতাৰো আগত ভাৰততে দেৱৰ্ষি নাৰদৰ ৰূপত সংবাদ আৰু তথ্যৰ আদান প্ৰদানৰ ব্যৱস্থা আছিল বুলি প্ৰশান্তজ্যোতি বৰুৱাই মন্তব্য কৰে৷ “স্বৰ্গ মৰ্ত্য পাতালত নিৰ্বিঘ্নে ঘূৰা দেৱৰ্ষি নাৰদ প্ৰকৃততে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতীক বুলিও বৰুৱাই মন্তব্য কৰে৷ ভাৰতৰ স্বাধীনতা আন্দোলন উদ্দীপ্ত কৰা আৰু বাংলা ভাষাৰ আগ্ৰাসনৰ সংকট ক্ষণতো অসমীয়া ভাষাক মৰ্যাদা প্ৰদান কৰিছিল সংবাদ মাধ্যমে৷ অৰুণোদয় যুগ, আৱাহন যুগ, ৰামধেনু যুগ আদিয়ে অসমীয়া ভাষা, সংবাদ, সাহিত্যৰ উত্তৰণৰ দিশ সূচায়৷ অৰুণোদয়ত ইংৰাজ শাসক আৰু মিচনেৰীৰ স্বাৰ্থ নিহিত থকাৰ বিপৰীতে মাজুলীৰ ভট্টদেৱ গোস্বামীৰ আসাম বিলাসিনী কাকতে স্বজাতিৰ হকে কাম কৰা বাবে ইংৰাজৰ ৰোষতো পৰিছিল৷ বিভিন্ন কাৰকৰ মাজতো সংবাদ গোষ্ঠীৰ নিৰপেক্ষতা আৰু মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰাটো সাম্প্ৰতিক কালৰ মূল প্ৰত্যাহ্বান’’ ভাষণ কালত এই তাৎপৰ্যপূৰ্ণ মত আগবঢ়াই বৰুৱাই৷

দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানতে তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে দৈনিক অগ্ৰদূতৰ দিগন্ত গোস্বামী, অসমীয়া প্ৰতিদিনৰ পদ্মিনী হাজৰিকা আৰু এনডি ২৪ চেনেলৰ ৰাজু বৰুৱাক বিশ্ব সংবাদ কেন্দ্ৰৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে চেলেং, আৰনাই আৰু কিতাপৰ টোপোলাৰে অশোক শ্ৰীবাস্তৱক আদৰণি জনোৱা হয়৷ জংঘল সত্যাগ্ৰহ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, মৃত্যুঞ্জয় বীৰ আধুনিক ভাৰতৰ খনিকৰ (বাংলা অনুবাদ) গ্ৰন্থ তিনিখনো উন্মোচন কৰা হয়৷ নাৰদ জয়ন্তী অনুষ্ঠানত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সভাপতি তথা লেখক, কেৰিয়াৰ কাউন্সিলৰ ড° গৌৰাঙ্গ শৰ্মা, উপ সভাপতি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ সংঘচালক গুৰু প্ৰসাদ মেধি, কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱম আদি উপস্থিত থাকে৷ নৱ বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত নাৰদ স্ত্ৰোত পৰিবেশন কৰে ভৰত ৰাগে৷

Related Articles