Breaking

পদ্ম আনন্দ বজাৰত আজিৰে পৰা এক মাৰ্চলৈ বিশ্ব শান্তি একনাম মহাযজ্ঞ

0 2,026

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পদ্ম আনন্দ  বজাৰত অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ পদ্ম আনন্দ  আঞ্চলিক শ্ৰীশ্ৰী দুৰ্গা ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত  পঞ্চদশ বিশ্ব শান্তি একনাম  মহাযজ্ঞ  অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।২৬ ফেব্ৰুৱাৰীৰ পুৱা দহ বজাত মুখ্য দ্বাৰ  উন্মোচন কৰিব তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  চিকিৎসক ডা: গৌতম মেধিয়ে ।১০:১৫ বজাত গৌৰ পতাকা  উত্তোলন কৰিব পৰিচালনা সমিতোৰ সভাপতি ভোলা নাথ বৰ্মনে ।চাৰে এঘাৰ বজাত স্মৃতি তৰ্পন। এই অনুষ্ঠানতি সম্পন্ন কৰিব একনাম মহাযজ্ঞ মহোৎসৱ পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি ধনেশ্বৰ বড়োই ।  আবেলি তিনি বজাত পানী তোলা অনুষ্ঠান আৰু শোভাযাত্ৰাৰ আত ধৰিব জংগা বড়োই । সন্ধিয়া বিশিষ্ট সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰীয়ে মন্দিৰৰ দ্বাৰ উন্মোচন কৰাৰ পিছত শিৱযজ্ঞ ধ্বনীৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী হিৰিম্বা ৰামচিয়াৰীয়ে ।  সন্ধিয়া ৬-১৫ বজাত শ্ৰী শ্ৰী শিৱধ্বনী উন্মোচন কৰিব সমাজকৰ্মী যতীন কলিতাই । সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন, শ্ৰী শ্ৰী মদ্ভাগৱৎশ্বৰ পাঠ, মঙ্গলাচৰন আৰু মহানাম যজ্ঞাধিবাস। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব শিমলুবাৰী গাওৰ  ৰাধা গোবিন্দ সম্প্ৰদায়ে । ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৫-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব মন্টু বৈষ্ণৱে  । পুৱা ছয় বজাৰ পৰা ষোল প্ৰহৰ অখণ্ড মহানাম যজ্ঞৰ শুভাৰম্ভ কৰিব ৰাধা গোবিন্দ সম্প্ৰদায়ে । আবেলি এক বজাত মহা প্ৰসাদ বিতৰণ । ২৮ ফেব্ৰুৱাৰীৰ পুৱাৰ পৰা অখণ্ড মহানাম যজ্ঞ  চলি থাকিব আৰু দুপৰীয়া এক বজাত  মহা প্ৰসাদ বিতৰণ । ১ মাৰ্চৰ পুৱা  বজাত অখণ্ড মহানাম যজ্ঞ  কীৰ্ত্তানুষ্ঠানৰ সামৰণি। মহাযজ্ঞৰ সমাপ্তিৰ লগে লগে বিশ্ব শান্তিৰ বাবে নগৰ কীৰ্ত্তন আৰম্ভ আৰু দুপৰীয়া ১২ বজাত শ্ৰীশ্ৰী কৃষ্ণ চৈতন্য মহাপ্ৰভুৰ ভোগ নিবেদন ,আৰতি কীৰ্ত্তন আৰু মহা প্ৰসাদ বিতৰণেৰে  বিশ্ব শান্তি একনাম মহাযজ্ঞ অনুষ্ঠানৰ সমাপ্তি ঘটিব।

Leave A Reply