Breaking

বিশ্বৰেকৰ্ড স্পৰ্শ ভাৰতীয় অধিনায়কৰ….

0 2,054

মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এটা ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰিছে অধিনায়ক মিতালী ৰাজে। বিশ্বকাপত সৰ্বাধিক অৰ্ধশতকৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মিতালীয়ে ৬৩ সংখ্যক অৰ্ধশতক অৰ্জন কৰে। চলিত বৰ্ষৰ এয়া মিতালীৰ প্ৰথমটো অৰ্ধশতক। বিশ্বকাপত সৰ্বাধিক ১২ টা অৰ্ধশতক অৰ্জনৰ বিশ্ব অভিলেখো স্পৰ্শ কৰে মিতালীয়ে। উল্লেখ্য যে, নিউজিলেণ্ডৰ প্ৰাক্তন বেটছমেন ডেবি হকলেৰেই বিশ্বকাপত ১২ টা অৰ্ধশতক অৰ্জন কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন চাৰ্লট এডৱাৰ্ডছকো অতিক্ৰম মিতালীৰ।

বেটছমেন হিচাপে যুটীয়াভাৱে তেওঁ শীৰ্ষস্থানত থাকিলেও এগৰাকী অধিনায়ক হিচাপে বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীৰ অভিলেখ গঢ়িছে মিতালীয়ে। বিশ্বকাপত অধিনায়ক হিচাপে মিতালীৰ এইটো অষ্টম অৰ্ধশতক। দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ছুজী বেটছ। বিশ্বকাপত অধিনায়ক হিচাপে ছুজীৰ বেটৰ পৰা আহিছে ৬টা অৰ্ধশতক।


ইফালে, চলিত মহিলা বিশ্বকাপত ভাৰতীয় মহিলা দলৰ অধিনায়কক ইমান দিন ধৰি ছন্দত দেখা নাছিল অনুৰাগীয়ে। দলটোৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ গৈ তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। ইয়াৰ পূৰ্বে, মিতালীয়ে চলিত বিশ্বকাপৰ ৪খন খেলত মাত্ৰ ৪৬ ৰানহে সংগ্ৰহ কৰিছিল।

Leave A Reply