Breaking

১৫ হাজাৰৰো অধিক আই – মাতৃ, বাপ – বান্ধবৰ উপস্থিতিত পশ্চিম গুৱাহাটীত বিশ্ব অভিলেখৰ দিহানামৰ কৰ্মশালা সম্পন্ন…

0 72

সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰুদুজনাৰ সৃষ্টি দিহানাম অসমৰ ৬০ হাজাৰ আই-মাতৃ আৰু দিহানামৰ শিল্পীয়ে একেলগে ‘আজি ৰাতি শিলা বৰশিলে নুশুনি প্ৰজাৰে মাত, পালি পহৰীয়া সবে নিদ্রা গৈলে উপজিলে জগন্নাথ’ এই দিহানামটি গাই বিশ্ব অভিলেখ সৃষ্টি কৰিব পশ্চিম গুৱাহাটীৰ আজাৰা থানা এলেকাৰ মাজিৰগাঁৱ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চৰপাবৰী পথাৰত। তাৰেই অংশস্বৰূপে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে আজি প্রায় ৪-৫ মাহ আগৰ পৰাই কৰ্মশালাৰ জৰিয়তে আখৰা চলি আছে।

ইয়াৰ অংশ হিচাপে আজি ১৭ ডিচেম্বৰত বিশ্ব অভিলেখ সৃষ্টিৰ বাবে অনুষ্ঠিত হবলগীয়া মাজিৰগাঁৱ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চৰপাবৰী পথাৰত গুৱাহাটী মহানগৰী আৰু দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা অহা ১৫ হাজাৰৰো অধিক আই-মাতৃ, বাপ-বান্ধৱৰ মাজত নির্বাচিত উক্ত দিহা নামটোৰ এক কর্মশালা অনুষ্ঠিত হয়। এগছি বন্তি প্ৰজ্বলনৰে দিহা নামৰ আখৰা উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰাযণ কলিতাই। এই উপলক্ষে কৰ্মশালাৰ দিহানাম সমিতিৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদিকা সুচিত্রা কলিতাই আঁত ধৰা সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া বিশ্ব অভিলেখৰ দিহা নামৰ অনুষ্ঠানটোৱে আশা কৰা ধৰণে গ্রিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অগপৰ নেতাদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাণী খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক গুনজিৎ ঠাকুৰীয়া,

দিহানাম সমিতিৰ কেন্দ্ৰীয় সভাপতি গণেশ দাস, সম্পাদিকা প্রতিভা খনিকৰ, কোষাধ্যক্ষ ৰীমা বড়ো, কাৰ্যকৰী সদস্যা অলকামণি ৰায়, চৰপাবৰী পথাৰ দিহানাম পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক পৱিত্ৰ কটকী আদিৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত কেন্দ্রীয় সমিতিৰ সভাপতি গণেশ দাসে আই-মাতৃ আৰু দিহানামৰ শিল্পীসকলক সেইদিনা কিদৰে নাম পৰিৱেশন কৰিব লাগে আৰু কি পোছাক পৰিধান কৰিব লাগিব ইত্যাদি সকলো দিশ সামৰি আই-মাতৃসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। তেনেদৰে দুপৰীয়া বাৰ বজাৰ পৰা বিয়লি তিনি বজালৈ উপস্থিত ১৫ হাজাৰৰো আই – মাতৃ অাৰু শিল্পীসকলে দিহানামৰ আখৰা সম্পন্ন কৰে। এক কথাত কবলৈ হলে মাজতে বাৰ দিন বাকী থকা অৱস্থাত দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মাজিৰগাঁৱ গাওঁ পঞ্চায়তৰ আকাশ – বতাহ।

Leave A Reply