মাৰ্ঘেৰিটাত বিশ্ব ৰেডক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাৰ দিবস উৎযাপন

 আজি বিশ্ব ৰেডক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাৰ দিবস। সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াৰ জিলাৰ মাৰ্ঘেৰিটাতো ৰেডক্ৰছ ছচাইটিৰ উদ্যোগত পালন কৰা হৈছে বিশ্ব ৰেড ক্ৰছ ছচাইটিৰ দিবস।ৰাজ্যত অৱ্যাহত থকা ক’ভিড ১৯ ৰ ভয়ঙ্কৰ মহামাৰীৰ প্ৰতি লক্ষ ৰাখি আজি তিনিচুকীয়া জিলাৰ  অন্তৰ্গত মাৰ্ঘেৰিটা শাখা ৰেডক্ৰছ ছছাইটিয়ে অনুষ্টুপিয়াকে পালন  কৰে প্ৰতিষ্ঠাৰ দিৱসটি। পুৱা পতাকা উত্তোলনৰ পিছতে ৰেড ক্ৰছ ছচাইটিৰ  প্ৰতিষ্ঠাপক জন হেনৰি ডোনাল্টৰ প্ৰতিছবিত মাল্য অৰ্পণৰ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়|  ৰেড ক্ৰছ ছছাইটি মাৰ্ঘেৰিটা শাখাৰ তৰফৰ পৰা প্ৰায় শতাধিক লোকক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা লগতে সজাগতামূলক ভাৱে বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ ,পষ্টাৰ আদি আৰি সৰ্বসাধাৰণ লোকক ক’ৰোনাৰ পৰা সাৱধনতা অৱলম্বনৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা যায়|

Related Articles