Breaking

গুৱাহাটীৰ কাহিলীপাৰাস্থিত চেনেহ নামৰ বৃদ্ধাশ্ৰমত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত নাৰী দিৱস উদযাপন কৰা হয়…

0 23

গুৱাহাটীৰ কাহিলীপাৰাস্থিত চেনেহ নামৰ বৃদ্ধাশ্ৰম এটিত দীন -জ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব নাৰী দিৱস উৎযাপন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি আশ্ৰমটোত থকা প্ৰায় ৩০গৰাকী মহিলাৰ‌ এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় । উক্ত পৰীক্ষাত সহযোগ কৰে ফাউণ্ডেশ্যনৰ উপদেষ্টা ড° সুনীল মল্ল বূজৰবৰুৱা আৰু প্ৰখূতি বিশেষজ্ঞ ড° ইৰা বিশ্বাস। লগতে মহিলা সকলৰ মাজত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীও বিতৰণ কৰা হয়।

গীত, মাত আৰু নৃত্যৰ সমাহাৰেৰে এক মনোৰঞ্জনৰ পৰিৱেশ সৃষ্টি কৰা হয়। ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লঘূ আহাৰৰ ব্যৱস্থা কৰা হয়। এই সন্দৰ্ভত ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমী ৰহমানৰ মন্তব্য যে- “সমাজত অৱহেলিত হোৱা নাৰীসকলক উচিত সন্মান আৰু আদৰ প্ৰদান কৰাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা মাথোঁ। অনাগত দিনবোৰত সেই সকল নাৰীৰ বাবে বাহুল্য ভাবে কিবা এটা কৰাৰ প্ৰয়াস অব্যাহত থাকিব।” চেনেহ নামৰ বৃদ্ধাবাসটোৰ সভাপতি অতুল চন্দ্ৰ বৰুৱা আৰু পৰিচালন সঞ্চালক ড° নিভ্য় চন্দ্ৰ ৰাভা ৰ লগত দীন-জ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালিকা চুমি ৰহমানৰ লগতে সামাজিক সংস্থাটোৰ অন্যান্য সকলেও বিভিন্ন বিষয়ত মত বিনিময় কৰে।

Leave A Reply