Breaking

বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ কৃতিত্ব ৰবীন্দ্ৰ জাদেজাৰ…

0 3,079

শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ১৭৫ ৰান সংগ্ৰহ কৰা আৰু তাৰ পাছত ৯ টা উইকেট লাভৰ পুৰস্কাৰ হাতে হাতে পালে। আইচিচিৰ তালিকাৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ কৃতিত্ব অৰ্জন কৰিছে ৰবীন্দ্ৰ জাদেজাই। জাদেজাৰ পইণ্ট ৪০৬। তালিকাৰ দুটা স্থানলৈ উন্নীত হৈছে জাদেজা। জাদেজাৰ লগতে শীৰ্ষ তিনিত আছে ৰবিচন্দ্ৰন অশ্বিন । অশ্বিনৰ পইণ্ট ৩৪৭। ৱেষ্ট ইণ্ডিজৰ জেচন হোল্ডাৰ অলৰাউণ্ডাৰৰ তালিকাত দ্বিতীয় স্থানত আছে। বাংলাদেশৰ চাকিব আল হাছান আছে চতুৰ্থ স্থানত। ইংলেণ্ডৰ বেন ষ্টোকছ আছে পঞ্চম স্থানত। বাকী ৫টা স্থান ক্ৰমে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক, নিউজিলেণ্ডৰ কাইল জেমিচন আৰু কলিন ডি গ্ৰেণ্ডহোম, অষ্ট্ৰেলিয়াৰ পেট কামিন্স আৰু ইংলেণ্ডৰ ক্ৰিছ ৱ’ক্সে দখল কৰিছে।

বেটছমেনৰ তালিকাত উত্থান ঘটিছে বিৰাট কোহলীৰ। দুটা স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নীত হৈছে কোহলী। উইকেটকীপাৰ হিচাপে ঋষভ পন্তে শীৰ্ষ ১০-ত প্ৰৱেশ কৰিছে। কোহলীৰ তলত আছে ভাৰতীয় টেষ্ট দলৰ নৱ অধিনায়ক ৰোহিত শৰ্মা। বেটছমেনৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বেন। দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ জ’ ৰুট আৰু তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ। নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন কোহলীৰ আগত আছে। টেষ্ট বলাৰৰ তালিকাতো আছে অশ্বিনৰ নাম। তেওঁ তলিকাৰ দ্বিতীয় স্থানত আছে। শীৰ্ষত আছে পেট কামিন্স। শেহতীয়াকৈ প্ৰকাশ পোৱা তালিকাখনত আছে আন এজন ভাৰতীয় খেলুৱৈ। পেচাৰ যশপ্ৰীত বুমৰাহ আছে তালিকাৰ দশম স্থানত আছে।

Leave A Reply