কানপুৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত

কানপুৰ চহৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম ক’লা ভেঁকুৰৰ পৰা হোৱা অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত হৈছে। ৰোগী জনৰ নাম আশীষ। বয়স ৩০ বছৰ। ৰোগীজন বিগত ১৫ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ হৈছে। চকু বিশেষজ্ঞ ডাঃ শালিনী মোহনে কয় এতিয়ালৈকে এনে কোনো ৰোগী দেশৰ কোনো চিকিৎসালয়লৈ অহা নাই। আমি দাবী কৰোঁ যে এয়া হৈছে অপটিক নিউৰাইটিছ থকা প্ৰথমটো ৰোগী। এই অপ্টিক নিউৰাইটিছৰ ফলত, ৰোগীসকলৰ চকুৰ শিৰা ফুলি যায়। স্নায়ুৰ ক্ষতিৰ ফলত, ৰোগীয়ে দৃষ্টিশক্তি হেৰুৱায়। তেওঁ কয় যে অধ্যয়ন অনুসৰি অপ্টিক নিউৰাইটিছে এক নতুন প্ৰকাৰৰ ক’লা ভেঁকুৰ উদ্ঘাটন কৰে। এই ৰোগীজনৰ ওপৰত গৱেষণা সম্পূৰ্ণ কৰি আন্তৰ্জাতিক আলোচনীলৈ প্ৰেৰণ কৰা হব। তেওঁ কয় যে এই ঘটনাটো কেৱল দেশৰ প্ৰথমটো ঘটনা নহয়, পৃথিৱীৰ ভিতৰতেই প্ৰথমটো ঘটনা বুলি কব পাৰি।

Related Articles