অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশ্বৰ (World’s Oldest Elephant Vatsala) আটাইতকৈ বয়সীয়াল হাতী বাটছালাই৷ ১০০ বছৰ অতিক্ৰম কৰা বাটছালা নামৰ হাতীটোৱে মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভত মৃত্যুবৰণ কৰে৷
হিনাউতা হাতী শিবিৰত হাতীটোৰ মৃত্যু হোৱা বুলি সংৰক্ষিত বনাঞ্চলখনৰ ৰেঞ্জাৰ আৰ পি আৰ্গাৰিয়াই জানিবলৈ দিয়ে৷ ‘মঙলবাৰে সকলোতকৈ প্ৰিয় হাতী বাটছালাৰ মৃত্যু ঘটে৷ বহু দিন ধৰি হাতীটো অসুস্থ হৈ আছিল’– বন সংৰক্ষক তথা ক্ষেত্ৰ পৰিচালক অঞ্জনা সুচিতা তিৰ্কী আৰু উপ-সঞ্চালক মোহিত সুদৰ লগতে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ কৰ্মচাৰীসকলে মৃত হাতীটোক সুঁৱৰি এই কথা ব্যক্ত কৰে৷ তিৰ্কীয়ে কয় যে যথাযথ সন্মানেৰে বাটছালাক দশক দশক থকা একেটা শিবিৰতে দাহ কৰা হৈছিল৷
বিগত কেইসপ্তাহমান ধৰি বাটছালাৰ শৰীৰ ভাল নাছিল৷ বয়স বাঢ়ি অহাৰ বাবে বছৰ বছৰ ধৰি হাতীটোক অৰণ্যৰ কোনো কাম নিযুক্ত কৰা হোৱা নাছিল৷ অভিজ্ঞ মাউট আৰু বন বিভাগৰ পশু চিকিৎসকৰ তত্ত্বাৱধানত হাতীটোৰ যত্ন লোৱা হৈছিল৷ কিছুদিন পূৰ্বে বাটছালা এটা নলাত পৰি আঘাতপ্ৰাপ্ত হৈছিল৷
হাতীটোক ২৪ ঘণ্টাই চিকিৎসা সেৱা আৰু ফল-মূল খাদ্য হিচাপে যোগান ধৰা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটিছিল৷ চকুৰ ছানি পৰাৰ ফলত হাতীটোৰ দৃষ্টিশক্তিও স্বাভাৱিকতে কমি আহিছিল আৰু চলন-ফুৰণতো ইয়াৰ প্ৰভাৱ পৰিছিল৷