Breaking

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাসত উদ্বিগ্ন ! বড়ো মাধ্যমৰ বিদ্যালয়ত ছাত্র-ছাত্ৰী বৃদ্ধিৰ লক্ষ্য…

0 36

মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাসত উদ্বিগ্ন, বড়ো মাধ্যমৰ বিদ্যালয়ত ছাত্র-ছাত্ৰী বৃদ্ধিৰ লক্ষ্য
নিখিল বড়ো ছাত্র সন্থাৰ উদ্যোগত মাতৃ ভাষা মাধ্যমত শিক্ষা সজাগতা সভা

নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ ধেমাজি জিলা সমিতিৰ নিৰ্দেশনা মতে আজি এবছুৰ চিমেন চাপৰি, মধ্য জোনাই, জোনাই, ধেমাজি জিলা গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত মাতৃ ভাষা মাধ্যমত শিক্ষা সজাগতা সভা অনুষ্ঠিত কৰে। এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ আহ্বানত তাকাবাৰী বড়ো প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় মাতৃ ভাষা মাধ্যমৰ শিক্ষা সজাগতা সভা। এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উপ সভাপতি দীন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সাধাৰণ সম্পাদক যোগেশ গয়াৰীয়ে।সভাত উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ সম্পাদক অজয় খাকলাৰীয়ে কয় মাতৃ ভাষাৰ সমান শুৱলা আৰু মিঠা ভাষা কতো নাই। বড়ো সকলৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃ ভাষা বড়ো মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যদি বড়ো জাতিৰ কণ কণ শিশু সকলক মাতৃ ভাষা তথা বড়ো ভাষাত প্ৰাথমিক পৰ্যায়ৰ পৰাই শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া নহয়, তেতিয়াহলে এই ভাষা এদিন মৃত্যু মুখত পৰিব বুলি উল্লেখ কৰি অভিভাৱক সকলক এইক্ষেত্ৰত চিন্তা কৰিবলৈ আহ্বান জনাই পুনৰ কয় বিটিচি চুক্তিৰ আধাৰত বড়ো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতি লাভ কৰিছে। ইতিমধ্যে বড়ো ভাষাক বিশ্ববিদ্যালয়লৈ ,, সভাত বড়ো সাহিত্য সভাৰ মধ্য জোনাই প্ৰাথমিক সমিতিৰ সভাপতি বিঞ্চু দৈমাৰীয়ে কয়


অভিভাৱক সকলে নিজৰ ল’ৰা-ছোৱালীক মাতৃ ভাষা মাধ্যমৰ পৰা আতৰাই আন আন মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰিবলৈ দিয়াটো সমীচিন নহয় বুলি বক্তব্য ৰাখি চৰকাৰে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নত কৰিবলৈ প্ৰয়াস চলাইছে আৰু মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।চিমেন আঞ্চলিক এবছুৰ উদ্যোগত এছবি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা মাতৃ ভাষা মাধ্যমৰ শৈক্ষিক সজাগতা সভাখন সভাপতিত্ব কৰে এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰীয়ে। এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দানসৌৰাং নাৰ্জাৰীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা শিৱৰাম বসুমতাৰীয়ে কয় বড়ো সাহিত্য সভাৰ আপ্ৰাণ চেষ্টা আৰু আন্দোলনৰ ফলত বড়ো ভাষাক ১৯৬৩ চনৰ ১৮ মে’ত প্ৰাথমিক পৰ্যায়ত,১৯৬৮ চনৰ ২৮ ছেপ্টেম্বৰত এম ই পৰ্যায়ত,১৯৭২ চনৰ ১৬ ছেপ্টেম্বৰত হাইস্কুল পৰ্যায়ত,১৯৭৬ চনত প্ৰাক্ বিশ্ববিদ্যালয় আৰু ১৯৮৬ চনৰ ৮

জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত স্বীকৃতি প্ৰদান কৰা উপৰিও ২০১৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বড়ো ভাষাক স্বীকৃতি প্ৰদান কৰিছে।আনহাতে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পাদিত হোৱা বিটিচি চুক্তিৰ জৰিয়তে বড়ো ভাষাই সংবিধানৰ অষ্টম অনুসূচীভূক্ত হ’বলৈ সক্ষম হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো মাতৃ মাধ্যমৰ শিক্ষা গ্ৰহণত গুৰুত্ব দিয়া হৈছে। বড়ো জাতিৰ শিশু সকলক মাতৃ ভাষা মাধ্যমত শিক্ষা গ্ৰহণ নকৰিলে ভৱিষ্যতে বড়ো ভাষাৰ প্ৰতি আশুকালৰ সন্মুখীন হব বুলি অভিভাৱক সকলক উদ্দেশ্যি কয়। সভাত এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, এছবি বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো,বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপ সভাপতি মাওফুংসা ৰামচিয়াৰী,শতাধিক অভিভাৱক,অভিভাৱিকা উপস্থিত থাকে। এবছুৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত জ্যোতিষপুৰ বড়ো এল পি স্কুলত অনুষ্ঠিত কৰা মাতৃ ভাষা মাধ্যমৰ শিক্ষা সজাগতা সভাখন সভাপতিত্ব কৰে এবছুৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় গয়াৰীয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সাধাৰণ সম্পাদক মনোজ বসুমতাৰীয়ে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োয়ে কয় বড়ো জাতিৰ ছাত্র-ছাত্ৰীয়ে প্ৰাথমিক পৰ্যায়ৰ পৰা নিজৰ মাতৃ ভাষাত শিক্ষা গ্ৰহণ নকৰাৰ বাবে বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু এনে পৰিস্থিতিয়ে বড়ো ভাষা, শিক্ষাৰ ক্ষেত্ৰত উদ্বিগ্নতাই দেখা দিছে বুলি বক্তব্য ৰাখি পুনৰ কয় বড়ো সাহিত্য সভা, এবছু,বড়ো জাতীয় সংগঠন সমূহে বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি,পাঠ্যপুথি যোগান, আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি চৰকাৰক দাবী জনাই আহিছে বুলি উল্লেখ কৰি অভিভাৱক সকলে আন মাধ্যমত নিজৰ ল’ৰা-ছোৱালীক
শিক্ষা গ্ৰহণ নকৰাই মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি গুণগত শিক্ষাৰে শিক্ষিত কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।সভাত বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰণ ব্ৰহ্মই সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষা এটাৰ মাধ্যমত শিক্ষা লাভ কৰাটো গৌৰৱৰ বিষয় বুলি উনুকিয়াই এটা ভাষা জীয়াই ৰাখিবলৈ ভাষাটোৰ উন্নতি,প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰাৰ ক্ষেত্ৰত সকলোৱে দায়িত্ব পালন কৰিব লাগিব বুলি কয়।

এবছুৰ ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত নিৰুপমা হাগজেৰ বড়ো এম ই স্কুলত সংগঠনটোৰ সভাপতি নিৰণ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মাতৃ ভাষা মাধ্যমৰ শৈক্ষিক সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সাধাৰণ সম্পাদক অমিচন বসুমতাৰীয়ে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ উপাধ্যক্ষ সুশীল স্বৰ্গীয়াৰীয়ে বড়ো মাধ্যমৰ ভাষা, শিক্ষা জীয়াই ৰাখিবলৈ বড়ো মাধ্যমৰ বিদ্যালয়ত প্ৰাথমিক পৰ্যায়ৰ পৰাই কণ কণ শিশু সকলক শিক্ষা গ্ৰহণ কৰোৱাবলৈ অভিভাৱক সকলক আহ্বান জনায়।ইপিনে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ আহ্বানত ৰায়াংপুৰ বড়ো এলপি স্কুলত অনুষ্ঠিত কৰা মাতৃ ভাষা মাধ্যমৰ শৈক্ষিক সজাগতা সভাৰ সভাপতিত্ব কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুছাহাৰীয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক দেশৱ গয়াৰীয়ে।সভাত এবছুৰ ধেমাজি জিলা সমিতিৰ উপ সভাপতি সুৰ্জিৎ নাৰ্জাৰী, ইউবিপিঅৰ জোনাই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অশোক বসুমতাৰী উপস্থিত থাকি মাতৃ ভাষাক জীয়াই ৰাখিবলৈ অভিভাৱক সকলৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম বুলি উল্লেখ কৰি প্ৰাথমিক পৰ্যায়ৰ পৰা যদি মাতৃ ভাষা মাধ্যমৰ শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নহয়,তেতিয়াহ’লে আদৰ্শগত আৰু আধ্যাত্মিক দিশৰ ওপৰত শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি হ’ব পাৰে বুলি কয়।

Leave A Reply