Breaking

মৰাণত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰত জলদেৱতাৰ পূজা-অৰ্চনা গঞাৰ

0 2,082

নদীৰ পাৰত চকুলো মচি মচি পূজা অৰ্চনা,নাম-কীৰ্তন, মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই মৰাণৰ আই-বোপাই সকলে কৰে নেদেখা জনলৈ প্ৰাৰ্থনা যাতে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পায়। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ অতি পিছপৰা কলখোৱা অঞ্চলৰ ইটাখুলি গাঁৱত জলদেৱতাক সন্তুষ্ট কৰিবলৈ আজি পুৰুষ-মহিলাই মাহ প্ৰসাদ শৰাই আগবঢ়াই কৰে কাতৰ প্ৰাৰ্থনা ।বুঢ়ীদিহিঙৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ পৰিত্ৰাণ বিচাৰি শৰাই নৈবেদ্য আগবঢ়োৱা কাৰ্যই চৰকাৰৰ জল বিভাগৰ চৰম ব্যৰ্থতাকে উদঙাই দিছে।ডিব্ৰুগড় মৰাণৰ এই অঞ্চলটোত বুঢ়ী দিহিং নদীৰ ভয়াবহ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কলাখোৱা অঞ্চলৰ ৫৫ খনকৈ গাওঁৰ।খহনীয়াৰ কবলত ইতিমধ্যে জাহ গৈছে কৃষিভূমি।সৰ্বস্ৰান্ত হৈছে বহু পৰিয়াল।অৱশেষত আৰু কেৱল মাত্ৰ ১০ মিটাৰ খহি গলেই নিশেষ হ’ব দিহিং নদীত ৫৫ খন গাওঁৰ ৰক্ষা কবছ দিহিং নদীৰ মথাউৰিটো।চৰকাৰ তথা বিভাগীয় কতৃপক্ষই গড়াখহনীয়াৰ প্ৰতিৰোধৰ বাবে মাজেসময়ে বাহঁ-কাঠৰ পাৰ্কোপাইন সংস্থাপন কৰিছে যদিও ইতিমধ্যে সকলো খহনীয়াত জাহ গৈছে।গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে বছৰ বছৰ ধৰি বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পাছতো কোনো গুৰুত্ব আৰোপ নকৰাত চৰকাৰৰ প্ৰতি বিশ্বাস হেৰুৱাই নদীৰ পৰাত চকুলো মচি কান্দি শৰাই আগবঢ়ায় মৰাণ সমষ্টিৰ অতি দুৰ্গম  ইটাখুলি, দিহিং থান গাওঁ,শিঙৰী, চৰাইবাহী আদি গাওঁ এই সকল বয়োজেষ্ঠ আই মাতৃয়ে।নদীৰ কাষত আঠু লৈ নেদেখা জনলৈ কাতৰ প্ৰাৰ্থনা কৰি গৰাখহনীয়াৰ ৰোধৰ বাবে কাকুতি-মিনতি কৰে।

Leave A Reply