লেখক সাংবাদিক কৌস্তুভমণি হাজৰিকাৰ প্ৰথম বাৰ্ষিক সোঁৱৰণী দিৱস উদযাপন, স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতা সম্পন্ন…

উত্তৰ -পূব ভাৰতৰ বৃহত্তম ৰাজহুৱা কাব্যানুষ্ঠান হৈছে ” সদৌ অসম কবি সন্মিলন।” পথাৰ কবি ৰাম গগৈদেৱে ১৯৮৭ চনত প্ৰতিষ্ঠা কৰা “সদৌ অসম কবি সন্মিলন”ৰ সেউজ কাব্যযাত্ৰাৰ অন্যতম সহযাত্ৰী “গোলাঘাট জিলা কবি সন্মিলন”। এই গোলাঘাট জিলা কবি সন্মিলনৰে প্ৰতিষ্ঠাপক সম্পাদক তথা বিশিষ্ট কবি,সাংবাদিক ,প্ৰাক্তন ছাত্ৰ নেতা কৌস্তুভমণি হাজৰিকাদেৱে যোৱা ২০২৩ চনৰ ১৯ জানুৱাৰীত সকলোকে এৰি কেতিয়াও উভতি নহাৰ বাটেৰে বাট বুলিলে।এইগৰাকী মহানুভৱ ,সমাজহিতৈষী ব্যক্তিয়ে চমু জীৱন কালতে কৰি যোৱা মহান কৰ্মৰাজি আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই গোলাঘাট জিলা কবি সন্মিলনৰ আহ্বানত আৰু বৃহত্তৰ ঢেকীয়াল কবি সন্মিলনৰ উদ্যোগত তথা জাগৰণ গ্ৰুপৰ সহযোগত অনুষ্ঠিত তেখেতৰ প্ৰথম বাৰ্ষিক সোঁৱৰণী অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

পুৱা প্ৰয়াত কৌস্তুভমণি হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ ঢেকীয়াল কবি সন্মিলনৰ সভাপতি, কবি,উপন্যাসিকা,শিক্ষয়িত্ৰী পাৰিজাত বৰুৱাই।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে অপূৰ্ব হাজৰিকা আৰু কৌস্তুভমণি হাজৰিকাৰ পত্নী ৰশ্মিতা শইকীয়াই। দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ জ্যোতিৰ্ময়ী ভট্টাচাৰ্যই উদ্বোধন কৰা স্ব-ৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে শিক্ষয়িত্ৰী ,কবি ছবি বৰুৱা আৰু পূৰবী বৰা।দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ক শাখাত প্ৰথম স্থান লাভ কৰে ‘পথাৰৰ কবিতা’ ৰ বাবে এনিশা শইকীয়াই।দ্বিতীয় স্থান ‘কি বিচাৰি ফুৰিছা?’ৰ বাবে হিমাংশু শইকীয়া ; ‘ঊৰ্মিমালা’ কবিতাৰ বাবে কংকনা বৰা আৰু ‘স্বাধীনতা’ কবিতাৰ বাবে মাধুৰ্য ফুকনে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।অন্যহাতে খ শাখাত ‘বনগঞা’ৰ বাবে স্বপ্নমজ্যোতি কলিতাই প্ৰথম, ‘মই ডিচট’পিয়ান’ৰ বাবে নীলাভ নয়ন সন্দিকৈ য়ে দ্বিতীয় আৰু ‘মধ্যবিত্তৰ জীৱন’ৰ বাবে মিতুমণি চেতিয়াই তৃতীয় স্থান লাভ কৰে।বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ‘সঁচা কথাৰ শূল’ৰ বাবে অৰ্চনা গীতা শইকীয়াই।প্ৰতিযোগিতাখনিত বিদ্যালয়,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগীসকলৰ স্ব-ৰচিত উচ্চ মানদণ্ডৰ কবিতা পাঠে উপস্থিত সকলোকে সন্মোহিত কৰে। আবেলিলৈ গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত আয়োজিত কবি সন্মিলনখনি বৃহত্তৰ ঢেকীয়াল কবি সন্মিলনৰ শীৰ্ষক গীতেৰে সভাখনৰ শুভাৰম্ভ হয়।এই সভাখন উদ্বোধন কৰে ৰাজুমণি বেজবৰুৱা ডাঙৰীয়াই আৰু সভাপতিত্ব কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি, কবি,অধ্যাপক ড৹ প্ৰণৱ ঢেকিয়াল ফুকনে।

সম্পাদক,কবি,শিক্ষক দীপ হেষ্টিংছ বৰিয়ে আঁত ধৰা অনুষ্ঠানটিত গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যবাহী সভাপতি অমৰ শৰ্মা,চৈয়দ পাৰভিছ হুচেইন,নৰেণ শইকীয়া,হেমা চৌধুৰী গগৈ,স্বাগতা বৰা,মৃদুস্মিতা শৰ্মা,মনালিছা শইকীয়া,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈকে প্ৰমুখ্য কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।প্ৰায় চল্লিছ গৰাকী কবিয়ে কবিতা পাঠ কৰা এই সভাতে দেৱব্ৰত শইকীয়া আৰু স্বপ্নালী কলিতা সম্পাদিত বৃহত্তৰ ঢেকীয়াল কবি সন্মিলনৰ কাব্য পত্ৰিকা “ক্ৰৌঞ্চ কুৰুলি” আৰু জিলা কবি সন্মিলনৰ কাব্য পত্ৰিকা ‘কাব্য ধনশিৰি’ উন্মোচন কৰা হয়।

Related Articles