লেখক-গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি”ৰ উন্মোচন

আজি মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ “কাব্যকু়ঞ্জ” ত লেখক-গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি” উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে। অনুষ্ঠানত গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক, গীতিকাৰ- সুৰকাৰ অৱনী ৰঞ্জন পাঠক, অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক তথা নাট্যকাৰ গিৰিধৰ ৰয় বিশিষ্ট অতিথি হিচাপে অংশ লয়। দীপক শৰ্মাই সভা আত ধৰে।

Related Articles