দেৱভূমি উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি সাফল্যৰ গৌৰৱময় যাত্ৰা(Wushu) অব্যাহত ৰাখিছে৷ অসমৰ খেলুৱৈয়ে পুনৰ চাৰিওটা পদকে উশ্বু, ভাৰোত্তোলন আৰু সাঁতোৰত লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ পঞ্চম দিনটোত অসমৰ পদকৰ সংখ্যা বাৰটালৈ বৃদ্ধি পাইছে৷ অৱশ্যে এতিয়াও অসমৰ কোনো খেলুৱৈয়ে সোণৰ পদক লাভ কৰা নাই৷ ইফালে, আজিৰে পৰা আৰম্ভ হোৱা বক্সিং আৰু লনবলতো অসমে জয়ৰে প্ৰত্যাশিত অভিযান আৰম্ভ কৰিছে৷

আজি সাঁতোৰত অসমে দুটা পদক লাভ কৰিবলৈ সক্ষম হয়৷ পুৰুষ আৰু মহিলাৰ দুশ মিটাৰ ৱাটাৰফ্লাইত বিক্ৰম চাংমাই ৰূপ অৰ্জন কৰাৰ বিপৰীতে আস্থা চৌধুৰীয়ে ব্ৰঞ্জ লাভ কৰে৷ উল্লেখ্য যে সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথমদিনা এশ মিটাৰ ৱাটাৰফ্লাইত ব্যৰ্থতাৰে ৰাজ্যবাসীক নিৰাশ কৰা বিক্ৰম আৰু আস্থাই আজি দৃঢ়তা প্ৰদৰ্শনৰে সফল প্ৰত্যাৱৰ্তন কৰি কেৰিয়াৰৰ ক্ৰমাগত তৃতীয়খন ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয় কৰিবলৈ সক্ষম হয়৷ বিক্ৰমে দুই মিনিট ৪.২৩ ছেকেণ্ড সময় লৈ গুজৰাট-গোৱাৰ পাছত পুনৰ দুশ মিটাৰ ৱাটাৰফ্লাইত পদক জয় কৰি ধাৰাবাহিকতা অব্যাহত ৰাখে৷ ইফালে, আস্থাই পূৰ্বৰ দূয়োখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে দুশ মিটাৰ ৱাটাৰফ্লাইত সোণ লাভ কৰিছিল যদিও এইবাৰ দুই মিনিট ২৫.৩০ ছেকেণ্ড সময় লৈ ব্ৰঞ্জতে সন্তুষ্ট থাকে৷ উত্তৰাখণ্ডত সাঁতোৰত এয়া অসমৰ তৃতীয়টো পদক৷ ইতিমধ্যে হাল্ডিৱানীত চলি থকা সাঁতোৰ প্ৰতিযোগিতাত কালি অসম কন্যা শুভ্ৰানশ্বিনী প্ৰিয়দৰ্শনীয়ে ৮০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক লাভ কৰিছিল৷ বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত সাঁতোৰত অসমে এটা সোণসহ সাতটা পদক জয় কৰিছিল৷ কিন্তু এইবাৰ আঘাতৰ বাবে খেলা নাই গোৱাত তিনিটা পদক জয় কৰা শিৱাংগী শৰ্মাই৷

ইফালে, ডেৰাডুনৰ ম’নাল হলত চলি থকা ভাৰোত্তোলনত আজি অসমক তৃতীয়টো পদক দিয়ে সুদিত্য বৰুৱাই৷ পুৰুষৰ ৮৯ কিলোগ্ৰাম শাখাত খেলা অসমৰ নৱাগত ভাৰোত্তোলকজনে স্নেচত ১৪১ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৭৮ কিলোগ্ৰাম ওজন উত্তোলন কৰি ৰূপ জয় কৰে৷ উল্লেখ্য যে কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে পদক জয় কৰিবলৈ সক্ষম হ’ল সুদিত্যই৷ ইতিমধ্যে জুনিয়ৰ পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি কমনৱেলথ আৰু এছিয়ান চেম্পিয়নশ্বিপত ৰূপ আৰু সোণ জয় কৰা সুদিত্যই ছিনিয়ৰ ৰাষ্ট্ৰীয় স্তৰৰ প্ৰথমখন শ্ৰেষ্ঠ প্ৰতিযোগিতাতে পদক জয়ৰ গৌৰৱ লাভ কৰিলে৷ বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰোত্তোলন অসমে দুটা সোণসহ চাৰিটা পদক লাভ কৰিছিল৷ কিন্তু এইবাৰ অন্তিম ক্ষণত উত্তৰাখণ্ডলৈ আহিব নোৱাৰিলে ৰাজ্যৰ দুই আন্তৰ্জাতিক ভাৰোত্তোলক বেদব্ৰত ভড়ালী আৰু পপী হাজৰিকাই৷ ইতিমধ্যে কালি মহিলাৰ ৬৪ কিলোগ্ৰাম শাখাত খেলা অসম কন্যা দিতিমনি সোণোৱালে ৰূপ তথা পুৰুষৰ ৬৭ কিলোগ্ৰাম শাখাত অসম সন্তান সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জ লাভ কৰিছে৷
ইফালে, তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ পাঁচটা পদক জয়ৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি অসমৰ উশ্বু দলে উত্তৰাখণ্ডত সাফল্যৰ অভিযান সমাপ্ত কৰিলে৷ আজি অন্তিম দিনা মহিলাৰ ৭৫ কিলোগ্ৰাম ছান্দা ফ্ৰী ষ্টাইলৰ ফাইনেলত অৱতীৰ্ণ হোৱা অসমৰ খুড্ৰা পানগিং পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ উল্লেখ্য যে উশ্বুৰ জড়িয়তেই চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে প্ৰথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ছানমা ব্ৰহ্মই ৰূপ জয় কৰি গৌৰৱ লাভ কৰাৰ পাছত মহিলাৰ টাউলু শাখাত ৰূপ লাভ কৰে পদ্মিনী নাৰ্জাৰীয়ে৷ আনহাতে, ব্ৰঞ্জ লাভ কৰে প্ৰিয়া বড়ো আৰু ইলিনা ৰাভাই৷ বিগত ৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াতো অসমে উশ্বুত দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জ পদক জয় কৰিছিল৷ আনহাতে, গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসমে তিনিটা পদক লাভ কৰিছিল৷

ইফালে, আজি ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিযান আৰম্ভ কৰে অলিম্পিক পদকজয়ী লাভলিনা বৰগোঁহাই আৰু কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমনি শইকীয়াই৷ দুই অসম গৌৰৱ ক্ৰীড়াবিদে প্ৰত্যাশিতভাপে প্ৰথম খেলত জয়লাভ কৰিছে৷ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত লাভলিনাই হাৰিয়ানাৰ পূজা ৰাণীক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, পুৰুষৰ ৭১ কিলোগ্ৰাম শাখাত অসমৰ নবাগত বক্সাৰ অভিনৱ শইকীয়াই প্ৰথম ৰাউণ্ডৰ খেলত ৫-০ ত পৰাস্ত কৰে গোৱাৰ নিখিল নায়কক৷
লনবলত মহিলাৰ এককত নয়নমনিৰ লগতে মহিলাৰ ফ’ৰ্ছ, পুৰুষ ট্ৰিপল, ল’ৰা-ছোৱালীৰ ২৫ অনূধ্বৰ্ আৰু পুৰুষ পেইছ শাখাৰ সকলো মেচত অসমৰ খেলুৱৈয়ে জয়লাভ কৰিছে৷ গোৱাত পাঁচটা সোণসহ ছটা পদক লাভ কৰা অসম লনবল দলে এইবাৰ দহটা পদক জয়ৰ লক্ষ্য লৈছে৷