XASIPOTIYA PUTHI । ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি
অসমীয়া ধ্রুপদী ভাষাৰ গৰিমা বৃদ্ধি কৰিবলৈ শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ অনন্য পদক্ষেপ
অসমীয়া ভাষাৰ ধ্রুপদী গৰিমাক অধিক মহিমামণ্ডিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। কলাক্ষেত্ৰ সমাজৰ সৌজন্যত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে পাঁচখন অমূল্য সাঁচিপতীয়া পুথি আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষাৰ ঐতিহ্য আৰু সাহিত্য-সংস্কৃতিৰ ধাৰাবাহিকতাৰ গতি অধিক দৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, এই পুথিকেইখন অসমৰ বিভিন্ন সত্ৰৰ পৰা সংগ্ৰহ কৰা হয়—
- ‘কীৰ্তন ঘোষা’ – মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ পৰা সংগৃহীত, যি মহাপুৰুষ শংকৰদেৱৰ ৰচনা।
- ‘আদি দশম’ – শ্ৰীশ্ৰী নৰোৱা কুঁজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীৰ পৰা সংগৃহীত, যি ভাগৱতৰ দশম স্কন্ধৰ ভাবানুবাদ।
- ‘নামঘোষা’ – মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ পৰা সংগৃহীত, মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত।
- ‘ভক্তি ৰত্নাৱলী’ – তিতাবৰৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীৰ সহায়ত সংগৃহীত, যি বিষ্ণুপুৰী সন্ন্যাসীৰ ৰচনাৰ মাধৱদেৱৰ অনুবাদ।
- ‘গীত গোৱিন্দ’ – জয়দেৱৰ সংস্কৃত মূল ৰচনাৰ ওপৰত আধাৰিত কবিৰাজ চক্ৰৱৰ্তীৰ অসমীয়া অনুবাদ; যোৰহাটৰ সুৰেন ফুকনে দান হিচাপে আগবঢ়োৱা।
এই পুথিসমূহ মঙলবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূর্ণ অনুষ্ঠানত অসম ভৱনৰ আৱাসিক আয়ুক্তৰ উপস্থিতিত কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে ৰাষ্ট্ৰপতি ভৱন সচিবালয়ৰ সচিব দিপ্তী উমাশংকৰৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।
সুদর্শন ঠাকুৰে এই পদক্ষেপ সফল কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সকলো সত্ৰ, ব্যক্তিগত দাতাসকল তথা অসম চৰকাৰৰ সকলো স্তৰৰ বিষয়াসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
এই অনুষ্ঠান আৰু উদ্যোগে অসমীয়া ধ্রুপদী ভাষাৰ ইতিহাস, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য ৰাষ্ট্ৰীয় স্তৰত অধিক উচ্চতালৈ লৈ যোৱাৰ পথ মুকলি কৰি দিলে।