Breaking

যমুনাৰ উগ্ৰ ৰূপ! হিমাচলত বান আৰু বৰষুণৰ ফলত শোকাৱহ পৰিস্থিতি, প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি উত্তৰাখণ্ডত…

0 57

যমুনাৰ উগ্ৰ ৰূপ! হিমাচলত বান আৰু বৰষুণৰ ফলত শোকাৱহ পৰিস্থিতি, প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি উত্তৰাখণ্ডত। বৰ্তমান সমগ্ৰ দেশত প্ৰবণ্ড বৰষুণ। বান-বৰষুণে উত্তৰ ভাৰতৰ বহু ৰাজ্যত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে। হিমাচল প্ৰদেশত ৩ দিনীয়া মুষলধাৰ বৰষুণৰ পিছত মঙলবাৰে কিছু সকাহ পাইছিল যদিও পাহাৰৰ ভূমিস্খলন এতিয়াও বন্ধ হোৱা নাই। ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে মাণ্ডীৰ চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ। যোৱা ৩ দিনত হিমাচল প্ৰদেশত বিধ্বংসী বৰষুণ। যাৰ বাবে ৰাজ্যত কোটি কোটি লোকৰ লোকচান হৈছে আৰু বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ফলত মানুহ আবদ্ধ হৈ পৰিছে।

বৰ্তমান হিমাচল প্ৰদেশত ১২৩৯ টা পথ আৰু ৩ টা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে। ৰাজ্যত ২৫৭৭ টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ ব্যাহত হোৱাৰ লগতে ১৪১৮ টা স্থানত পানী যোগান আঁচনি ব্যাহত। ইফালে ৰাজ্যৰ শিক্ষা বিভাগে ধাৰাসাৰ বৰষুণে ব্যাপক ক্ষতিসাধন কৰাৰ পাছত বাৰিষা আৰু গ্ৰীষ্মকালীন ছুটীৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই নিৰ্দেশ অনুসৰি কুল্লু জিলাত ২৩ দিনীয়া বাৰিষা বন্ধৰ দিন ২৩ জুলাইৰ পৰিৱৰ্তে ১৪ আগষ্টলৈ সলনি কৰা হৈছে। হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ প্ৰভাৱ পঞ্জাৱতো পৰিছে। বহু লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে ঘৰৰ চাদলৈ গৈছিল। এনে পৰিস্থিতিত উদ্ধাৰ অভিযান আৰম্ভ কৰে প্ৰশাসনে। এই সময়ছোৱাত কেবিনেট মন্ত্ৰী লালজিৎ সিং ভুল্লাৰ আৰু তৰ্ণ তৰণৰ এছ এছ পি গুৰমীত সিং চৌহানে নিজে নাও চলোৱা দেখা গৈছিল।

উত্তৰাখণ্ডত বতৰ বিজ্ঞান বিভাগে আজিৰে পৰা প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। কুমাওঁৰ পৰা গড়ৱাললৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে বহু ঠাইত পথ বন্ধ হৈ আছে। উত্তৰকাশীত ৩ খন বাহন ভূমিস্খলনৰ কবলত পৰে, যাৰ ফলত ৪ জন লোকৰ মৃত্যু হয়। ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ বাবে দিল্লী-হাৰিয়ানা আৰু পঞ্জাৱৰ পৰিস্থিতি ভয়াৱহ হৈয়েই আছে। হাৰিয়ানাৰ হাতীকুণ্ড বেৰেজৰ পৰা পানী এৰি দিয়াৰ পাছত দিল্লীত বৃদ্ধি পাইছে যমুনাৰ মাত্ৰা। ইতিমধ্যে দিল্লীৰ পুৰণি লোহাৰ দলঙৰ পৰা যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ এই দলঙৰ পৰা ৰে’ল পাৰ হোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দিল্লীৰ বানাক্ৰান্ত অঞ্চলৰ পৰা মানুহক উদ্ধাৰ কৰা হৈছে।

Leave A Reply