Breaking

হয়,মই  Exit exam সমৰ্থন কৰোঁ : ৰিপণ জামান…

0 11


যোৱা কেইদিনমানৰে পৰা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমবোৰত বিশেষকৈ ফেচবুকত exit exam ক লৈ ৰাজ্যৰ ফাৰ্মাচীষ্ট সকলৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে৷ যুক্তি তৰ্কই সীমা চেৰাই গৈছে ৷ কথা হ’ল যুক্তি তৰ্ক চলক আমাৰ কবলগীয়া একো নাই কিন্ত কিচুমানৰ যুক্তি তৰ্কৰ ভাষাই শালীনতা চেৰাই গৈছে, যিটো খুব দুখজনক আৰু লজ্জাজনক৷ আমি সকলোকে আহ্বান জনাইছোঁ সামাজিক মাধ্যমত ফাৰ্মাচীষ্ট জাতিটোক আৰু লজ্জিত নকৰিব,সকলোৱে সংযত হওক আৰু শালীনতা বজাই ৰাখক৷ যিটো বিষয়লৈ ইমান হুলস্থূল হৈ আছে আচলতে এই বিষয়টো লৈ ইমান হুলস্থূল হবই নালাগিছিল৷ হুলস্থূল হোৱা বিষয়ো হয়তো নহয়৷ হুলস্থূল হোৱাৰ  কাৰণ হয়তো   বৰ্তমানৰ পঞ্জীয়ক জনৰ দুৰ্বল ভুমিকা৷পঞ্জীয়ক জনে এক বলিষ্ঠ ভুমিকা পালন কৰিব পাৰিব লাগিছিল যিটো তেওঁ অভিজ্ঞতাৰ অভাৱত হয়তো নোৱাৰিলে৷ যাৰবাবে এই বিশৃংখলতা৷গতিকে আমাৰ ফালৰ পৰাও  তেখেতক অনুৰোধ কৰিম ,আপুনি যিহেতু সমস্যা সমাধানৰ ক্ষেত্ৰত অসফল হৈছে অনুগ্ৰহ কৰি আপোনাৰ ফালৰ পৰাও চৰকাৰক কাউঞ্চিল গঠন কৰাৰ বাবে হেচা দিয়ক,আন নহলেও মনোনীত সদস্যৰে হলেও কাউঞ্চিল খন গঠন কৰাৰ ব্যৱস্থা কৰক৷

কাউঞ্চিল খন গঠন হলে আপোনাৰো বহু কাম উজু হৈ পৰিব আৰু এই সমস্যাৰো সমাধান হব বুলি আমি বিশ্বাস কৰোঁ৷ মোৰ বোধেৰে অসমত চাগে এনেকুৱা এজন প্ৰকৃত ফাৰ্মাচীষ্ট নোলাব যিয়ে exit examৰ বিৰোধিতা কৰে৷ কিন্ত এই exam হব লাগিব ভাৰতীয় ফাৰ্মাচী পৰিষদৰ মতে বা অসম চৰকাৰৰ নিৰ্দেশনা মতে, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মতে নহয়৷ কিয়নো অসম ফাৰ্মাচী কাউঞ্চিল দায়বদ্ধ অকল ভাৰতীয় ফাৰ্মাচী কাউঞ্চিলৰ ওচৰত আৰু অসম চৰকাৰৰ ওচৰত৷  তেনেক্ষেত্ৰত শংকৰদেৱ বিশ্ববিদ্যালয়ে জাৰি কৰা নিৰ্দেশনা অসম ফাৰ্মাচী কাউঞ্চিলৰ বাবে কিমান দুৰ গ্ৰহণযোগ্য আমি নাজানোঁ৷ মনকৰিবলগীয়া কথাটো হ’ল ভাৰতীয় ফাৰ্মাচী কাউঞ্চিল আৰু অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাত কাৰো একো দ্বিমত নাই বুলি বহুতেই কব খোজে আৰু সকলোৱে মানিও লৈছে৷অৱশ্যে দুয়ো খন জাননীৰ মাজত পাৰ্থক্য অলপ আছে৷ পি চি আইয়ে অকল ডিপ্লোমা খিনিকহে সাঙুৰিছে কিন্ত অসম চৰকাৰে বি ফাৰ্ম খিনিকো সাঙুৰি লৈছে যিটো আমিও সমৰ্থন কৰোঁ৷ পি চি আইয়ে চৰকাৰী বেচৰকাৰী সকলোকে সাঙুৰিব বিচাৰিছে কিন্ত অসম চৰকাৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনৰ শিক্ষানুষ্ঠান বোৰক ইয়াৰ আওতাত আনিব বিচৰা  নাই যিটো সমৰ্থন যোগ্য হব নোৱাৰে বুলি আমি ভাবো, যিহেতু শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ অধীনৰো বহু শিক্ষানুষ্ঠানৰ শিক্ষাৰ মানদণ্ড তেনেই পুতৌ লগা আৰু exit examৰ উদ্দেশ্যই হৈছে বৃত্তিটোৰ মানদণ্ড উন্নত কৰা৷যি দেখিছো ফাৰ্মাচীষ্ট সকলৰ মাজত অসন্তুষ্টি একমাত্ৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জাননী খনক লৈহে য’ত অকণমান আসোঁৱাহ আছে বুলি আমিও অনুভৱ কৰোঁ৷ যিয়েই নহওক  কিন্ত Exit exam আমিও সমৰ্থন কৰোঁ৷ ৪০/৫০ বছৰ বয়সতো কোনো দিনে ফাৰ্মাচী শিক্ষানুষ্ঠানলৈ নোযোৱাকৈয়ে বক্ৰ পথেৰে বৃত্তিটোত সোমোৱাৰ যি এক প্ৰক্ৰিয়া চলি আছে তাক বন্ধ কৰিবৰ বাবেই মই exit exam সমৰ্থন কৰোঁ৷কিন্ত এই যি এক অবৈধ প্ৰক্ৰিয়া চলি আছে সেয়া ভাৰতীয় ফাৰ্মাচী পৰিষদৰ অজ্ঞাতে চলি আছে বুলি ভাবিলে হয়তো ভুল হব৷ আইনৰ সুৰুঙাৰে,পি চি আইৰ নাকৰ তলেৰে  কিচুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমুহে ধনৰ বিনিময়ত এই কাম কৰি আছিল৷ গতিকে পি চি আইয়ে নজনাৰ কোনো কাৰণেই থাকিব নোবাৰে৷

পি চি আইয়ে  পলমকৈ হলেও বুজি পালে আৰু   এই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ exit exam ৰ ঘোষণা কৰিলে তাৰবাবে পি চি আইক ধন্যবাদ৷কিন্ত এই exit exam এ এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰিবনে? সম্পূৰ্ণ ভাবে নোৱাৰিলেও যথেষ্ট পৰিমাণে হয়তো কমাব পাৰিব সেয়া খাটাং৷ exit exam ৰ অজুহাতত এতিয়া  হয়তো ক’চিং চেন্টাৰৰ ৰূপত আৰু এটা ব্যৱসায়ৰ পথ মুকলি হব৷ হয়তো তেতিয়া কোনোবাই আগৰদৰেই সকলো নথিপত্ৰ যোগাৰ কৰি ক’চিং চেন্টাৰবোৰত ক’চিং  কৰিয়ে  পোনে পোনে আহি exit exam ত বহিবলৈ যে চেষ্টা নকৰিব তাৰো কোনো নিশ্চয়তা নাই৷ ডাঙৰ কথাটো হ’ল শংকৰদেৱ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা exit examত উত্তীৰ্ণ হোৱা ছাত্ৰজনে আকৌ  পি চি যদি আইয়ে  সৰ্ব ভাৰতীয় পৰ্যায়ত এই পৰীক্ষা অনুষ্ঠিত  কৰে তাতো ছাত্ৰছাত্ৰীসকলে অৱতীৰ্ণ হবই লাগিব নেকি? পি চি আইৰ exit exam উত্তীৰ্ণ নোহোৱাকৈ  কাউঞ্চিলৰ পঞ্জীয়ন পাবনে?যদি নাপায় তাৰমানে কি ছাত্ৰছাত্ৰী সকলে দুবাৰকৈ এই পৰীক্ষাত অৱতীৰ্ণ হব লাগিব? কথাটো অসম ফাৰ্মাচী কাউঞ্চিলে স্পষ্ট কৰিব লাগিব৷ এতিয়া কথাটো হ’ল কিবা কাৰণত যদি পি চি আইয়ে exit exam অনুষ্ঠিত নকৰে বা কৰিব নোৱাৰে তেতিয়া কি হব?আমাকতো exit exam লাগিবই৷তেতিয়া কিন্ত অসম চৰকাৰৰ exit exam ৰ বাহিৰে আন একো গত্যন্তৰ নাথাকিব৷তাৰবাবে অসম চৰকাৰে জাৰি কৰা জাননী খনত কিচু সংশোধন আৰু সংযোজন প্ৰয়োজন আছে বুলি আমি ভাবোঁ৷তেতিয়া কিন্ত অসম ফাৰ্মাচী কাউঞ্চিল এক বলিষ্ঠ ভুমিকা পালন কৰিব লাগিব৷ৰাজ্যৰ ফাৰ্মাচী শিক্ষাবিদ সকলৰ পৰামৰ্শ মতে অসম ফাৰ্মাচী কাউঞ্চিলে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সৈতে আলোচনা মৰ্মে এই সংশোধন কৰিব পাৰিব লাগিব৷এতিয়া কথাটো হ’ল exit exam পি চি আইয়ে পাতক বা শংকৰদেৱ বিশ্ববিদ্যালয়ে পাতক,পাতি থাকক তাত কাৰো একো কবলগীয়া নাই কিন্ত অসম ফাৰ্মাচী কাউঞ্চিলৰ খেলিমেলিৰ বাবে যি সকলে পঞ্জীয়নৰ পৰা বঞ্চিত হৈ আছে,যি সকল এই exit examৰ আওতাত নপৰে তেওঁলোকক পঞ্জীয়ন দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰক৷বক্ৰ পথেৰে ফাৰ্মাচীষ্ট হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ আৰু বৃত্তিটোৰ মানদণ্ড উন্নত কৰিবলৈ exit examৰ প্ৰয়োজন কোনেও নুই কৰিব নোৱাৰে৷গতিকে exit exam হবই  লাগিব কিন্ত এক স্পষ্ট আৰু সকলোৰে গ্ৰহণযোগ্য নীতিনিয়মৰ মাজেৰে হব লাগিব৷

Leave A Reply