কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(Yoga and mental stress relief)চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয় চৌহদত অমৃতা বিশ্ববিদ্যালয়ৰ উদ্যোগত ২৩ মে’ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক এক শিবিৰ অনুষ্ঠিত হয়।
১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট আৰু অভিজ্ঞ প্ৰশিক্ষক ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ভাগ লোৱা সকলোকে শৰীৰ ভালে ৰাখি যোগাসনৰ দ্বাৰা মানসিক চাপ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰ কলা কৌশল প্ৰদান কৰা হয়। শিবিৰত আধুনিক যুগৰ মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ যোগাভ্যাসক দৈনন্দিন জীৱনৰ এক অংগ কৰাৰ লগতে ইয়াৰ পৰা লাভ কৰা উপকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ উপৰিও শিবিৰত ভাগ লোৱা সকলোকে আসন , প্ৰণায়াম আৰু ধ্যান আদিৰ কৌশল সমূহ কেনেকৈ আয়ত্ব কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হয়। এই সন্দৰ্ভত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই কয় যে – পৰিবৰ্তিত পৃথিৱীখনত মানসিক চাপ কিদৰে নিয়ন্ত্ৰণত ৰাখি এটা সুস্থ – সৱল জীৱন কটাব পাৰি তাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছিল। অমৃতা বিশ্ববিদ্যালয়ে আমাৰ ইয়াত আহি এনে ধৰণৰ শিবিৰৰ আয়োজন কৰা বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শিবিৰত চি আৰ পি এফৰ বহু বিষয়া – জোৱানে ভাগ লয়।