Breaking

‘যোগ ভাৰতৰ মহান উপহাৰ’ – ৰাষ্ট্ৰপতি মুৰ্মুৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনালে…

0 65

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে যোগাসন কৰি থাকোঁতে তেওঁৰ ছবিও টুইটাৰত প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ভাৰতৰ লগতে অসমতো বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য’ত ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। সকলোৱে টুইটাৰযোগে দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও যোগ দিৱস উদযাপন কৰি ৰাইজৰ সৈতে যোগাসন কৰে। টুইটাৰত নিজৰ ছবি পোষ্ট কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে যোগ সমগ্ৰ বিশ্বৰ বাবে এক বৃহৎ উপহাৰৰ দৰে।

যোগ দিৱস সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে টুইটাৰত লিখিছে, “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে অভিনন্দন! যোগ আমাৰ সভ্যতাৰ অন্যতম মহান কৃতিত্ব, আৰু সমগ্ৰ বিশ্বক ভাৰতৰ এক মহান উপহাৰ। ইয়াৰ মাজত ভাৰসাম্য প্ৰতিষ্ঠা কৰে। যোগে আমাৰ সকলোকে আমাৰ জীৱনৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ অধিক সক্ষম কৰি তোলে।”

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী, য’ৰ পৰা তেওঁ যোগাসনৰ বহু তথ্য ভাৰতৰ জনসাধাৰণৰ আগত ভাগ-বতৰা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি যোগাসনেৰে সকলো সাধন কৰিব পাৰো। যোগে ১৮০ খনতকৈও অধিক দেশক একত্ৰিত কৰাৰ কাম কৰিছিল। ২১ জুনৰ সন্ধিয়া ৰাষ্ট্ৰসংঘত আয়োজন কৰা যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনায়।

Leave A Reply