Breaking

জন সমুদ্ৰত পৰিণত যোগীঘোপাৰ ঐতিহাসিক আশোকাষ্টমী স্নান- মহামেলা…

0 2,062

বঙাইগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ যোগীঘোপাৰ পুৰনী ফেৰী ঘাটৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অশোকাষ্টমী মেলা উপলক্ষে আজি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতে জন সমুদ্ৰত পৰিণত কৰে মেলাস্হলী । আজি পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি অশোকাষ্টমী উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ পুণ্যস্নান কৰে । কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অশোকাষ্টমী উপলক্ষ্য ব্ৰহ্মপুত্ৰ স্নান আৰু মহামেলাত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা  সোঁত বোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁও জিলাৰ উপৰি কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীৰ বিভিন্ন ধৰ্মীয় কাম সম্পূৰ্ণ কৰে। পুৱাই একাংশ ভক্তই ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ‘মুণ্ডদান” কৰাৰ  লগতে  “পিণ্ডদান” কৰি ব্ৰহ্মপুত্ৰ নৈত স্নান কাৰ্য সম্পন্ন কৰে । 

নিজৰ পিতৃ মাতৃৰ লগতে আত্মীয়ৰ বিয়োগৰ পাছত অস্তি বিসৰ্জন দিয়া মংগলীক কাৰ্য্য সম্পন্ন কৰে বহু লোকে। ধৰ্মীয় বিশ্বাস মতে-নিদিৰ্ষ্ট সময়ত ব্ৰহ্মপুত্ৰ নৈত স্নান কাৰ্য সম্পন্ন  কৰিলে গংগা স্নানতুল্য লাভ কৰে।আনহাতে কাইলৈ অৰ্থাৎ অন্তিম দিনাও অনুৰূপ ভাবে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হব বুলি আশা প্ৰকাশ কৰে পৰিচলনা সমিতিয়ে।  ইপিনে মেলাৰ  নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি  আৰক্ষী- প্ৰশাসনেও যথেষ্ট সংখ্যক আৰক্ষী-অৰ্ধসামৰিক জোৱান মোতায়েন কৰাৰ লগতে চিকিৎসা কৰ্মী, এছ ডি আৰ এফ , অগ্নিনিৰ্ব্বাপক বাহিনী সষ্টম হৈ থকা পৰিলক্ষিত হয় ।

Leave A Reply