Breaking

মানসিক শান্তিৰ বাবে এই ৩ টা আয়ুৰ্বেদিক বনৌষধিৰ সহায় ল’ব পাৰে…

0 48

মানসিক স্বাস্থ্যঃ শাৰীৰিক স্বাস্থ্যৰ লগতে আমি মানসিক স্বাস্থ্যৰ সমান যত্ন লোৱা উচিত। আজিকালি মানুহে বহু ধৰণৰ মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে শৰীৰত গধুৰতা ভাবে দেখা দিয়ে। এনে পৰিস্থিতিত বিষনাশক বা আন যিকোনো ঔষধ সেৱন কৰাটো বিপদজনক, কাৰণ গৱেষণাৰ পৰা ইয়াৰ বহু পাৰ্শ্বক্ৰিয়াৰ কথা পোহৰলৈ আহিছে। ইয়াৰ বাবে কিছু আয়ুৰ্বেদিক চিকিৎসা লোৱা ভাল। মানসিক ভাবে ভাগৰুৱা হোৱাৰ বহু কাৰণ হ’ব পাৰে। ইয়াৰ ভিতৰত দীৰ্ঘদিনীয়া ৰোগ, কামৰ অতিৰিক্ত বোজা, দীৰ্ঘদিন ধৰি ঔষধ সেৱন কৰা, বা ব্যক্তিগত সমস্যা আদি অন্তৰ্ভুক্ত। ইয়াৰ বাবে আপুনি ৩ প্ৰকাৰৰ আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিব পাৰে, সেইসমূহৰ বিষয়ে জানো আহক-


১.ব্ৰাহ্মী
মানসিক ক্লান্তি আৰু মানসিক অশান্তিত ভুগি থকা লোকসকলে প্ৰায়ে স্মৃতিশক্তি হেৰুৱাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰাহ্মী সেৱন কৰিব পাৰে, ই মানসিক গধুৰতা আৰু ক্লান্তিৰ পৰা সকাহ দিয়ে।

২/ অশ্বগন্ধা
অশ্বগন্ধা হৈছে আয়ুৰ্বেদিক ঔষধ যিটো মানসিক বিকাৰ আৰু মূৰৰ গধুৰতাৰ নিশ্চিত নিৰাময় বুলি গণ্য কৰা হয়, আপুনি এই বিশেষ বস্তুটো ব্যৱহাৰ কৰি মানসিকভাৱে সক্ৰিয় আৰু টেনচন মুক্ত হৈ থাকিব পাৰে। ইয়াত থকা গুণবোৰে আমাৰ মগজুক সকলো দিশতে উপকাৰ কৰে।

৩/ শংখপুষ্পী
শংখপুষ্পী সেৱন কৰাটো কেৱল মগজুৰ বাবেই নহয়, শৰীৰৰ বাবেও সমানেই উপকাৰী। ইয়াক আয়ুৰ্বেদৰ ধন বুলি ক’লেও চাগে ভুল নহ’ব ৷ এই ফুলৰ পৰা তৈয়াৰী শ্বাৰবেট বা চিৰাপ খাব পাৰে।


Leave A Reply