Breaking

গৰমৰ দিনত শৰীৰটো ভালে ৰাখিবলৈ হয়তো আপুনি ভাল খাদ্যই গ্ৰহণ কৰে। কিন্তু, আপুনি এই ভাল খাদ্য সমূহৰ নামত খাইছে কি…

0 50

বৰ্তমান গ্ৰীষ্মকালীন বতৰ চলি আছে। এনে পৰিস্থিতিত যদি আপুনি সঠিক খাদ্য গ্ৰহণ নকৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গ্ৰীষ্মকালত আপুনি কি কি বস্তু খাব নালাগে জানেনে? গ্ৰীষ্মকালত মানুহ সোনকালে অসুস্থ হৈ পৰে, যাৰ বাবে আপুনি নিজৰ বিশেষ যত্ন লোৱা উচিত। গ্ৰীষ্মকালত সঠিক খাদ্য গ্ৰহণ নকৰিলে হজম শক্তি কমি যাব পাৰে।কেৱল এয়াই নহয় বমি, পেটৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হব লাগিব।সেইবাবেই গ্ৰীষ্মকালত মানুহে অধিক পানী খোৱা উচিত।কিন্তু আপুনি জানেনে, গ্ৰীষ্মকালত কিছুমান খাদ্য এৰাই চলিব লাগে। জানক গ্ৰীষ্মকালত কি কি বস্তু সেৱন কৰিব নালাগে-

গ্ৰীষ্মকালত মানুহে জ্বলা মছলা কমকৈ সেৱন কৰিব লাগে। কাৰণ শুকান জলকীয়া বা গৰম মছলাই আপোনাৰ শৰীৰত তাপ বৃদ্ধি কৰিব পাৰে যাৰ বাবে আপুনি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আনহাতে গৰমৰ দিনত কম টেঙা খাদ্যহে খাব লাগে। কিয়নো টেঙা খাদ্য খোৱাৰ ফলতো মুখত পিম্পল হ’ব পাৰে, গতিকে ইয়াক পৰিহাৰ কৰা উচিত।
চাহ-কফিৰ পৰা দূৰত্ব বনাওক-
গৰমৰ দিনত চাহ-কফিৰ সেৱন কম কৰিব লাগে। কাৰণ এইবোৰ সেৱনে শৰীৰৰ তাপ বৃদ্ধিৰ কাম কৰে। সেইবাবেই গৰমত চাহ বা কফি খোৱাৰ সলনি নাৰিকল পানী খাব লাগে।


মানুহে আচাৰ খাই ভাল পায়। কাৰণ আচাৰ খোৱাৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি পায়। কিন্তু আপুনি জানেনে যে আচাৰে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। কাৰণ আচাৰত ছডিয়াম থাকে যাৰ ফলত আপোনাৰ পেটত বদহজম, পেটৰ বিষ হ’ব পাৰে। সেইবাবেই আচাৰ খোৱাৰ পৰা বিৰত থাকক।

Leave A Reply