Breaking

জানিলে আচৰিত হব আপুনি , সুগন্ধি নার্জী ফুলৰ মাজত লুকাই আছে বহু ওষধি গুণ

0 595

নার্জী ফুলৰ পাত খুন্দি তাৰ লেপন কীট-পতংগই কামােৰা অংশত লগালে বিষ নির্মূল কৰাৰ লগতে বীজাণু নাশ কৰিব পাৰে। নার্জী ফুলৰ পাত খুন্দি তাৰ দুটোপাল ৰস নাকত দিলে নাকৰ পৰা তেজ ওলােৱা বন্ধ হয় ।

অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী। কটা-ছিঙাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়। শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে । নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।

নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষৰ পৰাও পৰিত্ৰাণ পোৱা যায়। শৰীৰৰ বিভিন্ন স্থানত হোৱা খজুৱতিত নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লেপ লগাই ক্ষন্তেক সময়ৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মোহাৰি দিব লাগে। এনে ধৰণে লেপ লগালে আৰাম পোৱা যায়।

পূৰঠ এচামুচ নাৰ্জী ফুলৰ গুটিত চেনি মিহলাই প্ৰতিদিন এচামুচকৈ অলপ দিন খালে স্বপ্নদোষ নিৰাময় হয়।
নার্জী ফুলৰ পাতৰ ৰস ৰাতিপুৱা খালি পেটত সেৱন কৰিলে পাথৰ হােৱা ৰােগ নিৰাময় হয়।

নার্জী ফুলৰ পাত খুন্দি তাৰ ৰস উলিয়াই সেইখিনি দুগিলাচ পানীত ভালদৰে উতলাই সেইখিনি চেকি লৈ গাৰগোল কৰিলে মুখৰ দুর্গন্ধ দূৰ হােৱাৰ লগতে দাঁতত থকা বীজাণু নাশ হয় আৰু লগতে টনচিল ৰােগাে নােহােৱা হয়।

Leave A Reply